19 C
Guwahati
Wednesday, December 1, 2021
More

    আৰক্ষীৰ প্ৰহাৰত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ, নিশা গোলাঘাট অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

    আৰক্ষীৰ প্ৰহাৰত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ, নিশা গোলাঘাট অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

    গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মঙলবাৰে নিশা এগৰাকী ৰোগীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

    জানিব পৰা মতে, মঙলবাৰে দিনৰ ভাগত গোলাঘাটৰ কমাৰ গাঁৱৰ অৰবিন্দ শইকীয়া নামৰ এগৰাকী ৰোগীক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।

    নিশা চিকিৎসালয়খনতে ৰোগী গৰাকীয়ে নিজ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত কৰ্তব্যৰত আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হয়।

    আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত অৰবিন্দ শইকীয়া নামৰ ৰোগী গৰাকীক বেয়াকৈ প্ৰহাৰ কৰাৰ ফলতে অৰবিন্দ শইকীয়াৰ নামৰ ৰোগী গৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

    মৃত অৰবিন্দ শইকীয়াৰ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি ৰোগী গৰাকীৰ দেহত প্ৰহাৰ কৰাৰো চিন স্পষ্ট হৈ আছে।

    ইপিনে, চিকিৎসালয়খনত ৰোগী গৰাকীৰ মৃত্যু হোৱাৰ পাছতে পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰি আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়ন কৰা হয়।

    আৰক্ষীয়ে এতিয়ালৈ সমগ্ৰ ঘটনা সম্পৰ্কত মতামত প্ৰকাশৰ পৰা বিৰত আছে।

    মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতে সঁচাকৈয়ে আৰক্ষীৰ প্ৰহাৰৰ ফলত নে অন্য কাৰণত অৰবিন্দ শইকীয়াৰ মৃত্যু হৈছিল সেই কথা স্পষ্টৰূপত জানিব পৰা যাব।

    ফটো আৰু ইনপুট- ৰাজীৱ কৰ্মকাৰ

    আৰু পঢ়ক : ৰাজ্যত পুনৰ ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল, ভূক্তভোগী যুৱকৰ আত্মহত্যাৰ চেষ্টা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং