‘শৰ্মা জী সকলোতে মিছা কিয় বিচাৰে…’, কোন শৰ্মা জীক উদ্দেশ্যি শ্বাহৰুখ খানে কৰিলে টুইট…

0
2

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, হিন্দী ছবি ‘পাঠান’ আৰু শ্বাহৰুখ খান। সম্প্ৰতি এই তিনিটা নাম দেশৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে।

শ্বাহৰুখ খানক চিনি নোপোৱাৰ পৰা আৰম্ভ কৰি নিশা ২ বজাত মুখ্যমন্ত্ৰী শৰ্মালৈ বলীউডৰ কিং খানৰ ফোনক লৈ তীব্ৰ চৰ্চা চলিছে দেশত।

এই বিষয়টোক লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত বিভিন্ন আলোচনা চলি থকাৰ মাজতে এইবাৰ শ্বাহৰুখ খানৰ এটা ৰহস্যময় টুইট চৰ্চাৰ বিষয় হৈ পৰিছে।

বিতৰ্কই লগ নেৰা ‘পাঠান’ ছবিখনৰ মূল অভিনেতা শ্বাহৰুখ খানে শৰ্মা জী বুলি উল্লেখ কৰা এটা টুইট এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

টুইটটোত খানে লিখিছে, ‘শৰ্মা জী, সকলোতে মিছা কিয় বিচাৰে.. যোগাত্মক চিন্তাধাৰাৰে জীয়াই থাকক’।

অভিনেতাগৰাকীয়ে শৰ্মা জী বুলি কাক সম্বোধন কৰিছে সেয়া স্পষ্ট নহয় যদিও ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে শ্বাহৰুখ খানক চিনি নোপোৱা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যিয়ে এই টুইটটো কৰা বুলি দাবী কৰিছে।

টুইটটো ভাইৰেল হৈ পৰাৰ পিছতে এজনে লিখিছে, ‘মহাশয় ৰাতিপুৱা ৬ বজাত শ্ব” আছে…. ২ বজাত ফোন কৰি উঠাই দিব নেকি?’।

ইফালে আন এজনে লিখিছে, ‘চিন্তা নকৰিব ছাৰ, আমি অসমবাসীয়ে আপোনাৰ ছবিখন চামেই’।

আন এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, ‘মই আপোনাৰ বহুত ডাঙৰ অনুৰাগী। অনুগ্ৰহ কৰি শৰ্মা জীৰ প্ৰমোশ্যন নকৰিব ভাই। যিকোনো প্ৰকাৰে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিব পৰাটোৱে তেওঁৰ উদ্দেশ্য।

উল্লেখ্য যে, শ্বাহৰুখ খানৰ দৰে তেওঁৰ অনুৰাগী সকলেও কোনো লোকৰ নাম উল্লেখ নকৰাকৈয়ে টুইটটোৰ ৰিপ্লাই কৰিছে।

অৱশ্যে বহু লোকে শ্বাহৰুখ খানে এই টুইটোৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়া বুলি অভিহিত কৰিছে।

উল্লেখ্য যে, যোৱা ২১ জানুৱাৰিত জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত সাংবাদিকে মুখ্যমন্ত্ৰী শৰ্মাক ‘পাঠান’ ছবিখনক লৈ চলা বিতৰ্ক সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কৈছিল, ‘শ্বাহৰুখ খান কোন? তেওঁক বা ‘পাঠান’ ছবিখনৰ বিষয়ে মই একো নাজানো.. খানে মোক ফোন কৰা নাই। অৱশ্যে বলীউডৰ বহু লোকে সমস্যা সন্দৰ্ভত এই কাম কৰে। কিন্তু যদি তেওঁ ফোন কৰে তেন্তে মই বিষয়টো চালি জাৰি চাম’।

শ্বাহৰুখ খানক চিনি নোপোৱা বুলি কৰা মন্তব্যই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে সেই দিনাই নিশা ২ বজাত অভিনেতাগৰাকীয়ে মুখ্যমন্ত্ৰী শৰ্মাক ফোন কৰি ছবিখনৰ প্ৰদৰ্শনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছিল বুলি মুখ্যমন্ত্ৰী শৰ্মাই নিজেই টুইটৰ জৰিয়তে জানিবলৈ দিছিল।

কেৱল ভাৰততে নহয় বিশ্বতে সমাদৃত অভিনেতা শ্বাহৰুখ খানে নিশা ২ বজাত মুখ্যমন্ত্ৰী শৰ্মাক ফোন কৰা কথাটো সঁচানে বুলি দেশৰ সংবাদ মাধ্যম তথা সাধাৰণ জনতাৰ মাজত আজিও চৰ্চাৰ বিষয়বস্তু হৈ আছে।

শ্বাহৰুখ খান আৰু দিপীকা পাডুকন অভিনীত পাঠান ছবিখনে কাইলৈ অৰ্থাত ২৫ জানুৱাৰিত বক্স অফিচত মুক্তি লাভ কৰিব।