নিশা ২ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বলৈ ফোন শ্বাহৰুখ খানৰ, পাঠান প্ৰদৰ্শনত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় বুলি আশ্বাস…

0
20297

‘শ্বাহৰুখ খান কোন? তেওঁক বা ‘পাঠান’ ছবিখনৰ বিষয়ে মই একো নাজানো…’ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ চলি থকা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী শৰ্মাক পুৱতি নিশা ২ বজাত ফোন কৰিলে বলীউডৰ কিং খান শ্বাহৰুখ খানে। মুখ্যমন্ত্ৰী শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এই কথা জানিব দিয়ে।

শুকুৰবাৰে বজৰং দলৰ কৰ্মীসকলে মহানগৰীৰ নাৰেংগীৰ এটা চিনেমা হলত ‘পাঠান’ ছবিখনৰ পোষ্টাৰ ফালি জ্বলাই দিয়া কাৰ্যত উদ্বেগ প্ৰকাশ কৰি ছবিখন মুক্তিৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় সেই কথা নিশ্চিত কৰিবলৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে কথা পাতে শ্বাহৰুখ খানে।

ইফালে মুখ্যমন্ত্ৰী শৰ্মাই অভিনেতাজনক আইন-শৃংখলা বজাই ৰখাটো ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু ছবিখনৰ মুক্তিৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় সেয়া নিশ্চিত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে, বলীউডৰ মেগাষ্টাৰ শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ৰ ‘বেছৰম ৰং’ গীতটোত দীপিকা পাডুকনে গেৰুৱা বিকিনি পিন্ধিছিল। আৰু সেয়ে হিন্দুত্ববাদী সংগঠনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে শ্বাহৰুখ আৰু তেওঁৰ ছবি।

শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত সাংবাদিকে মুখ্যমন্ত্ৰী শৰ্মাক বয়কট ‘পাঠান’ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কৈছিল, ‘খানে মোক ফোন কৰা নাই। অৱশ্যে বলীউডৰ বহু লোকে সমস্যা সন্দৰ্ভত এই কাম কৰে। কিন্তু যদি তেওঁ ফোন কৰে তেন্তে মই বিষয়টো চালি জাৰি চাম’।

মুখ্যমন্ত্ৰী শৰ্মাই শ্বাহৰুখ খানক চিনি নোপোৱা বুলি কৰা মন্তব্যই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে শ্বাহৰুখ খানৰ দৰে এগৰাকী মেগাষ্টাৰক চিনি নোপোৱাটো হাস্যকৰ বুলিও আখ্যা দিছিল বহুতে।

উল্লেখ্য যে, বলীউডৰ মেগাষ্টাৰ শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ৰ ‘বেছৰম ৰং’ গীতটোত দীপিকা পাডুকনে গেৰুৱা বিকিনি পিন্ধিছিল। আৰু সেয়ে হিন্দুত্ববাদী সংগঠনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে শ্বাহৰুখ আৰু তেওঁৰ ছবি।

বিশ্ব হিন্দু পৰিষদকে ধৰি আন কেইবাটাও সংগঠনৰ নেতাই ছবিখন ভাৰতত নিষিদ্ধ কৰাৰ দাবী জনাইছে।