
বিতৰ্ক আৰু চৰ্চাৰ মাজতে ২৫ জানুৱাৰিত দেশজুৰি মুক্তি লাভ কৰিছে শ্বাহৰুখ খান অভিনীত ছবি পাঠান। মু্ক্তিৰ দিনাই ছবিখনে বক্স অফিচত কেইবাটাও অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়।
মুক্তিৰ প্ৰথম দিনটোত ছবিখনে ভাৰতত প্ৰায় ৫৪ কোটি টকাৰ ব্যৱসায় কৰে। বিশ্বজুৰি এই ছবিখনে ১০০ কোটিৰো অধিক ব্যৱসায় কৰিছে।
পাঠানে ১০টা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। জানো আহক এই অভিলেখৰ বিষয়ে..
১/ ভাৰতত এতিয়ালৈকে সৰ্বাধিক পৰ্দাত মুক্তি পোৱা প্ৰথমখন ছবি।
২) বক্স অফিচত প্ৰথম দিনাই সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবি।
৩/ খোলা বাৰত মুক্তি লাভ কৰি সৰ্বাধিক উপাৰ্জন কৰা ছবি।
৪) ৱাৰ (৫৩.৩৫ কোটি) আৰু থাগছ অৱ হিন্দুস্তান (৫২.২৫ কোটি)ৰ পিছত যশ ৰাজ বেনাৰৰ তৃতীয়খন ছবিয়ে বক্স অফিচত প্ৰথম দিনাই ৫০ কোটিতকৈ অধিক নেট ব্যৱসায় কৰিছিল।
৫) এক থা টাইগাৰ আৰু ৱাৰৰ পিছত অভিলেখ গঢ়ি তোলা তৃতীয়খন যশ ৰাজ স্পাই ইউনিভাৰ্ছ ছবি।
৬) শ্বাহৰুখ খানৰ কেৰিয়াৰৰ প্ৰথম দিনাই সৰ্বাধিক উপাৰ্জন কৰা ছবি।
৭) দীপিকা পাডুকনৰ কেৰিয়াৰৰো এইখন প্ৰথম ছবি যিয়ে মুক্তিৰ দিনাই উপাৰ্জনৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হয়।
৮) প্ৰথম দিনাই জন আব্ৰাহামৰ কেৰিয়াৰৰ প্ৰথমখন সৰ্বাধিক উপাৰ্জন কৰা ছবিও পাথান।
৯) যশ ৰাজ ফিল্মছৰ প্ৰথম দিনাই সৰ্বাধিক উপাৰ্জন কৰা প্ৰথমখন ছবি।
১০) পৰিচালক সিদ্ধাৰ্থ আনন্দৰ কেৰিয়াৰৰ প্ৰথম দিনাই সৰ্বাধিক উপাৰ্জন কৰা প্ৰথমখন ছবি।