‘বয়কট’ ট্ৰেণ্ডিং অসাৰ; মুক্তিৰ পূৰ্বেই অভিলেখ গঢ়িলে শ্বাহৰুখৰ পাঠানে

0
129

বলীউডৰ ‘কিং খান’ শ্বাহৰুখ খানে পুনৰ এবাৰ বক্স অফিচত খলকনি তুলিবলৈ সাজু হৈছে। তেওঁৰ বহু বিতৰ্কিত ‘পাঠান’ ছবিখনে মুক্তিৰ পূৰ্বেই আগতীয়াকৈ বুকিঙৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

বয়কট ট্ৰেণ্ডিঙৰ বিপৰীতে ‘পাঠান’ৰ অনলাইন বুকিং আৰম্ভ হোৱাত শ্বাহৰুখৰ ছবিখনৰ টিকট হোৰাহোৰে বিক্ৰী হোৱাৰ তথ্য পোহৰলৈ আহিছে।

জানিব পৰা মতে, শ্বাহৰুখ আৰু দীপিকা পাডুকনৰ দৰে তাৰকা অভিনীত এই ছবিখন মুক্তিৰ পূৰ্বেই অভিলেখ সংখ্যক ১ লাখ ১৭ হাজাৰ টিকট বিক্ৰী হৈছে।

এডভান্স বুকিঙৰ জৰিয়তে পাঠানে এতিয়ালৈকে প্ৰায় ৯ কোটি টকা উপাৰ্জন কৰিছে। একে সময়তে পাঠানে মাল্টিপ্লেক্স চেইনত ১১৭ হাজাৰ টিকট বিক্ৰী কৰি এক নতুন অভিলেখ গঢ়িছে।

খবৰ অনুসৰি, ৫১ হাজাৰ পিভিআৰ আৰু ৩৮ হাজাৰ ৫০০ টিকট বিক্ৰী কৰিছে আইএনঅ’এক্সে। ইয়াৰ উপৰি চিনেপলিছে ২৭ হাজাৰ ৫০০ টিকট বিক্ৰী কৰিছে।

আনহাতে ছবিখনে এডভান্স বুকিঙৰ জৰিয়তে আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ পৰাও বহু উপাৰ্জন কৰিছে।

উল্লেখ্য যে দেশৰ হিন্দুত্ববাদী দল-সংগঠন সমূহে ‘পাঠান’ ছবিখন বয়কট কৰিবলৈ হুংকাৰ দিছিল।

কিন্তু প্ৰতিবাদৰ পিছতো এইদৰে ব্যাপক হাৰত টিকট বিক্ৰী হোৱা ঘটনাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে ছবিখনে বক্স অফিচত সফল উপাৰ্জন কৰিব।