ছবি গৃহত মুক্তি ‘পাঠান’ : অসমত শ্বাহৰুখ খানক চাবলৈ দৰ্শকৰ লানি নিছিগা সোঁত

0
1036

গেৰুৱা বিকনিক লৈ চলা বিতৰ্ক, চৰ্চা তথা বয়কট ট্ৰেণ্ডিঙৰ মাজতে আজি দেশজুৰি মুক্তি লাভ কৰিলে শ্বাহৰুখ খান আৰু দিপীকা পাডুকন অভিনীত ছবি ‘পাঠান’।

মুক্তিৰ পিছতে দেশবাসীৰ অভুতপূৰ্ব সঁহাৰি লাভ কৰিছে এই ছবিখনে। ছবিখন উপভোগ কৰিবলৈ গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন ছবিগৃহত দৰ্শকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে।

ছবিখন নিষিদ্ধ কৰিবলৈ হিন্দুত্ববাদী দল-সংগঠনে দাবী জনোৱাৰ পিছতো ছবিখনলৈ দৰ্শকৰ বিপুল সহাঁৰিয়ে উৎফুল্লিত কৰিছে ছবিখনৰ ক’লা-কুশলীক।

প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে প্ৰথম দৰ্শনী হাউছফুল হৈছে। আনহাতে কেইবাটাও ছবি গৃহত অহা ৬-৭ দিনলৈ ছবিখনৰ টিকট শেষ হোৱা বুলিও খবৰ আহিছে।

ইফালে, ছবিখন চলি থকাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰিতীকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে প্ৰতিটো ছবিগৃহতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

উল্লেখ্য যে, হিন্দুত্ববাদী সংগঠন বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে পাঠান ছবিখন ভাৰতত নিষিদ্ধ কৰিবলৈ দাবী জনাই অহাৰ লগতে ছবিখন মুক্তি দিলে অপ্ৰিতীকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি সকীয়াই দিছিল।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, বিহাৰ আৰু ইন্দোৰত ছবিখনৰ মুক্তিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱা বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে, পাঠান ছবিখনত অসমৰ সুদক্ষ অভিনেতা দিগন্ত হাজৰিকাইও অভিনয় কৰিছে।