প্ৰতিবাদৰ মাজতে অসমত ‘পাঠান’ৰ অনলাইন টিকট বিক্ৰীৰ অভিলেখ; এতিয়ালৈকে বিক্ৰী ৪০ লাখ টকাৰ টিকট

0
5598

‘বেছৰম ৰং’ গীতটোত দীপিকা পাডুকনে পিন্ধা গেৰুৱা বিকিনিক লৈ দেশজুৰি চলি থকা বিতৰ্কৰ মাজতে মুক্তিৰ বাবে সাজু হৈছে শ্বাহৰুখ খানৰ বহু প্ৰতিক্ষীত ছবি ‘পাঠান’।

ছবিখনৰ মুক্তিৰ পূৰ্বে ইতিমধ্যে অনলাইনযোগে বিক্ৰীৰ বাবে দেশজুৰি মুকলি কৰি দিয়া হৈছে টিকট। অনলাইন টিকট মুকলি কৰি দিয়াৰ লগে লগে ইয়াৰ বিক্ৰীয়ে অসমত একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে।

সদৌ অসম চিনেমা হল মালিক সন্থাই আজি এক সংবাদমেল সম্বোধন কৰি এতিয়ালৈ অসমত প্ৰায় ৪০ লাখ টকাৰ টিকট আগতীয়াকৈ বিক্ৰী হোৱা বুলি দাবী কৰে।

সংবাদমেলত বজৰং দলৰ কৰ্মীসকলে মহানগৰীৰ নাৰেংগীৰ এটা চিনেমা হলত ‘পাঠান’ ছবিখনৰ পোষ্টাৰ ফালি জ্বলাই দিয়া কাৰ্যত দুখ প্ৰকাশ কৰে।

হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজ্যত অনলাইন টিকট ক্ৰয়ৰ সংখ্যা বৃদ্ধি পোৱা বুলিও দাবী কৰে সদৌ অসম চিনেমা হল মালিক সন্থাই।

উল্লেখ্য শ্বাহৰুখ খান আৰু দিপীকা পাডুকন অভিনীত এই ছবিখনে ২৫ জানুৱাৰিত মুক্তি লাভ কৰিব।