গুৱাহাটীৰ পাটৰকুছিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন ব্যৱসায়ীৰ মৃতদেহ

0
73
পত্নীৰ বাবে নিজ মাতৃক নদীত পেলাই হত্যা পুত্ৰৰ, ঘটনাক লৈ চাঞ্চল্য দেশত
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীৰ পাটৰকুছিত ৰহস্যজনক পৰিস্থিতিত এগৰাকী ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সূত্ৰ অনুসৰি টিকেন দাস নামৰ মৃত লোকজনৰ পৰিয়াল আৰু সহকৰ্মীয়ে ব্যৱসায়ীজনক কোনো লোকে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

মৃতকৰ হত্যাকাণ্ডত টিকেন বৰুৱা নামৰ এজন ব্যক্তি আৰু এগৰাকী মহিলা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে।

অভিযোগ অনুসৰি দাস আৰু বৰুৱাৰ সৈতে অবৈধ সম্পৰ্ক আছিল এগৰাকী মহিলাৰ। সেয়ে বুধবাৰে নিশা হাতীগাঁৱৰ বাসগৃহত তেওঁক হত্যা কৰা হৈছিল বুলি অভিযোগ উঠিছে।

বুধবাৰে নিশা হাতীগাঁৱৰ বাসগৃহত নিহত হোৱা দাসক পিছদিনা ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ইফালে, মৃতকৰ পৰিয়াল তথা পদপথৰ ব্যৱসায়ীসকলে ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।