টিম পেইন বিতৰ্কৰ পিছত অষ্ট্ৰেলিয়া দলে অধিনায়ক হিচাপে নিযুক্তি দিলে কামিন্সক

0
2199
টিম পেইন বিতৰ্কৰ পিছত অষ্ট্ৰেলিয়া দলে লাভ কৰিলে নতুন টেষ্ট হিচাপে নিযুক্তি

টিম পেইন বিতৰ্কৰ পিছত অষ্ট্ৰেলিয়া দলে অধিনায়ক হিচাপে নিযুক্তি দিলে কামিন্সক

অষ্ট্ৰেলিয়াৰ ৪৭ তম টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে বেগী বলাৰ পেট কামিন্সক। আনহাতে ষ্টিভ স্মিথক উপ-অধিনায়ক হিচাপে মনোনীত কৰা হৈছে।

কামিন্স অষ্ট্ৰেলিয়াৰ সম্পূৰ্ণ সময়ৰ অধিনায়ক হোৱা প্ৰথম দ্ৰুত বলাৰ হ’ব আৰু লগতে ৰিচি বেনোডৰ পিছত দেশখনক নেতৃত্ব দিয়া প্ৰথমজন বলাৰ হ’ব।

কামিন্সে বিগত দুটা বছৰ ধৰি অষ্ট্ৰেলিয়া দলৰ উপ-অধিনায়কৰ দায়িত্বত আছিল।  

উল্লেখ্য যে, ফটো বিতৰ্কক কেন্দ্ৰ কৰি অধিনায়কত্ব ত্যাগ কৰা টিম পেইনৰ স্থানত কামিন্সক অধিনায়ক হিচাপে নিযুক্তি দিয়াটো একপ্ৰকাৰ যুগান্তকাৰী সিদ্ধান্ত বুলি অভিহিত কৰিছে ক্ৰিকেট বিশেষজ্ঞসকলে।

‘এছেজৰ পূৰ্বে এই দায়িত্ব গ্ৰহণ কৰি মই সন্মানিত। বিগত বছৰ সমূহত পেইনে দলক যিধৰণে নেতৃত্ব দিছিল সেই দায়িত্ব মইও পালন কৰিব পাৰিম বুলি আশাবাদী’, কামিন্সে এইদৰে কয়।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ পাঁচগৰাকী সদস্যৰ দ্বাৰা গঠিত এখন পেনেলে পেট কামিন্সক অধিনায়ক আৰু ষ্টিভ স্মিথক উপ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰিছে।

উল্লেখ্য যে ২০১৭ চনতে পেইনে এগৰাকী মহিলা সহকৰ্মীক অশ্লীল বাৰ্তা পঠিয়াইছিল। পেইনে মহিলা গৰাকীক অশ্লীল বাৰ্তা প্ৰেৰণ কৰাৰ লগতে নিজৰ উলংগ ফটোও প্ৰেৰণ কৰিছিল।

এই সত্য পোহৰলৈ অহাৰ পিছতে ক্ৰিকেটাৰ গৰাকীয়ে তীব্ৰ মানসিক চাপত ভোগে আৰু টেষ্ট দলৰ অধিনায়কত্ব এৰাৰ কথা ঘোষণা কৰে।

অধিনায়কত্ব এৰাৰ লগতে তেওঁ অনিৰ্দিষ্ট সময়লৈকে ক্ৰিকেটৰ পৰা আঁতৰি থকাৰো সিদ্ধান্ত লৈছে। শুকুৰবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই এই কথা জনায়।

আৰু পঢ়ক : কাছাৰত বোমা উদ্ধাৰৰ লগত জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ, চৰকাৰী বিষয়াক হত্যাৰ পৰিকল্পনা কৰিছিল…