ৰাজ্যৰ কৰ’ণাৰ সংক্ৰমণ দিনে দিনে বৃদ্ধি, আজি ২৪৫ ৰোগী চিনাক্ত, বহি:ৰাজ্যৰ পৰা অহা লোকৰ কভিড টেষ্ট বাধ্যতামূলক
ৰাজ্যত দিনে দিনে বৃদ্ধি পাই আছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা । আজিৰ দিনটোতে ৰাজ্যত ধৰা পৰিছে ২৪৫ কভিড পজিটিভ ৰোগী। ইয়াৰে ভিতৰত ১২৮ গৰাকী লোক কেৱল কামৰূপ মহানগৰতেই।
দিনটোত মুঠ ২২৮৮৮গৰাকী লোকৰ কভিড পৰীক্ষা কৰোৱা হৈছিল, তাৰ ভিতৰত ১.০৭ শতাংশ লোক কভিড-১৯ত আক্ৰান্ত ধৰা পৰে।
হিমন্ত বিশ্ব শৰ্মাই যিমানে কৰণা নাই বুলি ডাঠি নকওঁক কিয়, প্ৰতিদিনে বৃদ্ধি পাইছে কৰণাৰ সংক্ৰমণ। নিজেই টুইটাৰ যোগে সদৰি কৰে যে, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা অসমলৈ অহা লোকৰ ৰেল ষ্টেচন আৰু বিমানবন্দৰত ক’ভিড টেষ্ট বাধ্যতামূলক।
ইয়াৰ বাবে ইতিমধ্যে ৰেল ষ্টেচনত ২৪ ঘন্টাই সাজু স্ক্ৰীণিং কক্ষ কৰা হৈছে। দৈনিক শতাধিক যাত্ৰীৰ কৰা হৈছে টেষ্ট।
আৰু পঢ়ক : বলীউডৰ ছবি নিৰ্মাতাৰ পত্নী আৰু কন্যাই নিজকে জুই লগাই আত্মহত্যা কৰে