যাত্ৰীবাহী নাওৰ তলি ফুটি ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা

0
115

নিশাৰ এন্ধাৰত গৰৈমাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা ৷

আলিকাষ পাৰ ঘাটত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ নাওৰ তলি ফুটাৰ বাবে এই দুৰ্ঘটনাটি সংঘটিত হয়।

যন্ত্ৰচালিত নাওখন কুৰিহামাৰী চৰৰ পৰা গৰৈমাৰী অভিমুখী আহি আছিল। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, নাওখনত ২২ টা গৰু আৰু কেইবাজনো লোক আছিল।

বৰ্তমানলৈকে কোনো যাত্ৰী হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই ৷ অৱশ্য নাওখনত থকা কেইবাটাও গৰু বৰ্তমানৰ লৈকে বিচাৰি পোৱা হোৱা নাই।

জানিব পৰা অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱা নাওখন সুকলমে উদ্ধাৰ হয় যদিও নাওখনৰ গৰাকী চিনাক্ত হোৱা নাই ৷