মাজ আকাশত উৰি থকা বিমানৰ ভিতৰত হঠাতে এগৰাকী যাত্ৰীয়ে ভাঙিবলৈ চেষ্টা কৰে খিৰিকৰ গ্লাছ…

0
21126

মাজ আকাশত উৰি থকা বিমানৰ ভিতৰত হঠাতে এগৰাকী যাত্ৰীয়ে ভাঙিবলৈ চেষ্টা কৰে খিৰিকৰ গ্লাছ

এক বিমান যাত্ৰাত হঠাতে নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে এগৰাকী যাত্ৰী। উগ্ৰ হৈ পৰা যাত্ৰী গৰাকীয়ে মাজ আকাশতে উৰি থকা বিমানৰ খিৰিকিৰ গ্লাছ ভাঙিবলৈ চেষ্টা কৰে।

কেৱল গ্লাছ ভাঙিবলৈ চেষ্টা কৰাই নহয় বিমানখনৰ আসনতো মাৰিবলৈ ধৰে লগতে বিমানৰ কৰ্মকৰ্তাৰ সৈতেও কাজিয়াত লিপ্ত লয়। পাচত বহা আসনৰ সৈতে সেই যাত্ৰী গৰাকীক বান্ধি থবলৈ বাধ্য হয় বিমানখনৰ ক্ৰু মেম্বাৰ।

এই ঘটনা সংঘটিত হয় পাকিস্তানৰ পৰা ডুবাইলৈ যাত্ৰা কৰা এখন বিমানৰ ভিতৰত। এগৰাকী পাকিস্তানি যাত্ৰীয়ে কৰে এই অদ্ভূত কাণ্ড।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বিমান খনে যাত্ৰা আৰম্ভ কৰাৰ কিছু সময়ৰ পাছতে যাত্ৰীগৰাকীয়ে বহা আসনৰ পৰা উঠি যায়। বিমাৰ আসনত ঘুচা মাৰিবলৈ ধৰাৰ লগতে আসনত উঠি লৈ খিৰিকিৰ গ্লাছত লাঠ মাৰিবলৈ ধৰে।

আৰু পাছ মুহুৰ্ততে আসনৰ পৰা নামি গৈ বিমানৰ সো-মাজত মজিয়াত তললৈ মুখ কৰি পৰি থাকে। যি ঘটনা অন্য যাত্ৰী সকলৰ মাজত এক ত্ৰাসৰ সৃষ্টি হয়।

বিমানখনৰ ক্ৰু মেম্বাৰে যেতিয়া লোকগৰাকীৰ কাষ চাপি গৈ ঘটনা সম্পৰ্কে কিবা সোধে লগে লগে খৰ্গহস্ত হৈ পৰে লোকগৰাকী। ওলোটাই ক্ৰু মেম্বাৰত গালি গালাজ কৰাৰ লগতে মাৰিবলৈ খেদা মাৰি যায়।

যি দেখি বিমানৰ আইন অনুসৰি লোকগৰাকীক ধৰি বহা আসনৰ সৈতে বান্ধি থবলৈ বাধ্য হয় বিমানৰ কৰ্মকৰ্তা সকল। লোকগৰাকীক বান্ধি থোৱাৰ পাছতহে যেন মুখলৈ পানী আহে অন্য যাত্ৰীৰ।

পাছত বিমানখনে ডুবাই বিমান প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰে এই ঘটনা সন্দৰ্ভত। যাৰ ফলত বিমানখনে ডুবাইত অৱতৰণ কৰাৰ পাছতে লোকগৰাকীক আটক কৰে আৰু আইন অনুসৰি চিৰ জীৱনৰ বাবে বিমান যাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰে।