অমানৱীয়! নিয়মীয়া চৰকাৰী চাকৰিৰ আশাত পিতৃ–মাতৃয়ে দলিয়াই পেলালে ৫ মহীয়া ছোৱালী সন্তানক…

0
135

অমানৱীয়! নিয়মীয়া চৰকাৰী চাকৰিৰ আশাত পিতৃ–মাতৃয়ে দলিয়াই পেলালে ৫ মহীয়া সন্তানক…

অপৰাধজনক ঘটনা ক্ৰমাত প্ৰতিদিনেই বৃদ্ধি পাই আহিছে, সৰু ডাঙৰ বহু ঘটনা আমাৰ চাৰিওফালে প্ৰতিদিনেই ঘটি থকা হৈছে। কেতিয়াবা যদি পুত্ৰয়ে পিতৃক তেন্তে কেতিয়াবা পিতৃয়ে পুত্ৰক বা আন কেতিয়াবা পুত্ৰয়ে মাতৃক হত্যা কৰাৰ ঘটনা সংঘটিত হৈ আহিছে।

ৰাজস্থান চৰকাৰৰ অধীনত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰা এজন লোক আৰু তেওঁৰ পত্নীয়ে নিজৰ পাঁচ মহীয়া সন্তানক দলিয়াই পেলোৱা ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। তিনিটা সন্তানৰ বাবে চাকৰিত যাতে কোনো ধৰণৰ সমস্যা নহয়, তাৰ বাবেই পিতৃ–মাতৃয়ে দলিয়ালে নিজৰ সন্তানক।

এই ঘটনাটোৰ স্থান বিকানেৰ জিলাৰ ছতৰগড়ৰ, সংঘটিত হয় দেওবাৰে সন্ধিয়া। আৰক্ষীয়ে জনোৱা অনুসৰি, ঝৱৰলাল মেঘৱাল নামৰ ঠিকাভিত্তিক কৰ্মচাৰীজনে নিজৰ চাকৰিটো নিয়মীয়া হোৱাৰ অপেক্ষা কৰি আছে।

দম্পতীহালৰ পূৰ্বৰ দুই সন্তান আছে। তৃতীয় সন্তান জন্মৰ পিছতে ৰাজ্য চৰকাৰৰ দুটা সন্তানৰ নীতিৰ বাবে স্থায়ী চাকৰিক লৈ শংকাত ভুগিছিল তেওঁলোক। তৃতীয় সন্তান ছোৱালী জন্মৰ পিছত কৰ্মচাৰীৰ বাধ্যতামূলকভাৱে অৱসৰৰ কথা অন্তৰ্ভুক্ত আছে।

আৰু সেয়ে স্বামী আৰু পত্নীৰ মিলি স্থায়ী চৰকাৰী চাকৰি পোৱাৰ আশাতে সংঘটিত কৰে এই ঘৃণনীয় কাণ্ড। আৰক্ষীয়ে বৰ্তমানপৰ্যন্ত ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।