
টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰালিম্পিকৰ পৰা পুৱাই আহিছে অতিকে সুখবৰ। ভাৰতে জয়লাভ কৰিলে প্ৰথমটো সোণৰ পদক।
এই সোণৰ পদক জয় কৰিবলৈ সক্ষম হয় ১৯ বছৰীয়া অবনী লেখাৰাই। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত এই সফলতা লাভ কৰে অবনীয়ে।
মুঠ ২৪৯.৬ স্কোৰ কৰি সোণৰ পদক দখল কৰিবলৈ সক্ষম হয় অবনী। এয়া হৈছে পেৰালিম্পিকত শ্বুটিঙত ভাৰতৰ ইতিহাসৰ প্ৰথমটো সোণ।