এইবাৰ ছবি নিৰ্মাতাৰ ৰূপত কণ্ঠশিল্পী পাপন ! উত্তৰ-পূবক লৈ নিৰ্মাণ কৰিব ছবি

0
100


এইবাৰ ছবি নিৰ্মাতাৰ ৰূপত কণ্ঠশিল্পী পাপন ! উত্তৰ-পূবক লৈ নিৰ্মাণ কৰিব ছবি

কণ্ঠশিল্পী পাপন বৰ্তমান এজন চলচ্চিত্ৰ নিৰ্মাতালৈ পৰিণত হৈছে। এইবাৰ উত্তৰ-পূব ভাৰতক লৈ ছবি নিৰ্মাণ কৰিব শিল্পী গৰাকীয়ে। উত্তৰ-পূব ভাৰতক লৈ তেওঁ একেলগে দুখন চলচ্চিত্ৰত কাম কৰি আছে।যোৱা ৪ বছৰ ধৰি কাম কৰি ছবি দুখনৰ বাবে পাপনে কাম কৰি আছে।

পাপনে কাম কৰি থকা ছবি দুখনৰ নাম হৈছে ‘দ্য লেণ্ড অফ দ্য চেক্ৰেড বিটছ’ আৰু ‘দ্য মিষ্টিকেল ব্ৰহ্মপুত্ৰ – এ মিউজিকেল ষ্টৰী’।এটা সাক্ষাৎকাৰত ছবি দুখনৰ কথা উল্লেখ কৰি পাপনে কয় যে “ভাৰত আৰু বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি মোৰ প্ৰেম কেনেকোৱা সেয়া সকলোৱে জানে।

উত্তৰ-পূবক পৃথিৱীৰ বিভিন্ন কোণলৈ লৈ যোৱাৰ বাবে মই সদায়ে দায়বদ্ধ । আমি গৱেষণা আৰু দৃশ্যগ্ৰহণৰ বাবে বহু বছৰ ধৰি ভ্ৰমণ কৰি আছো। মই আশা কৰোঁ যে এই ছবি দুখনৰ জৰিয়তে আমি কেৱল পৰ্যটন আৰু সংস্কৃতিক উৎসাহিত কৰাই নহয়,ইয়াৰ সুন্দৰ কাহিনীবোৰো প্ৰচাৰ কৰিবলৈ সক্ষম হ’ম।”

তেওঁক অসমৰ সাংস্কৃতিক দূত হিচাপে সন্মানীয় কান চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ জনোৱা হৈছিল। পাপনৰ এই ছবিৰ টিজাৰসমূহ মাৰ্চ ডু ফিল্মৰ ইণ্ডিয়া পেভিলিয়নত উন্মোচন কৰা হৈছিল ।

ছবি দুখন পাপনে প্ৰযোজনা কৰিছে আৰু পৰশেৰ বৰুৱাই পৰিচালনা কৰিছে। দুয়োজনে ইয়াৰ বৈচিত্ৰ্য, জীৱিকা, কাৰুশিল্প, কলা আৰু কাহিনী বোৰ ধৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি আহিছে।