28 C
Guwahati
Monday, September 26, 2022
More

    অমিতাতকৈ অমিতা গছৰ পাত দুগুণ উপকাৰী, জানেনে…কেন্সাৰ-ডেংগু-মেলেৰিয়া-ডায়েবেটিছ আদিত মহৌষধ

    অমিতাতকৈ অমিতা গছৰ পাত দুগুণ উপকাৰী, জানেনে…

    অমিতা স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেয়া হয়তো সকলোৱেই জানে। পেটেই হওক বা ছাল-চুলিয়েই হওক, স্বাস্থ্য আৰু সৌন্দৰ্য দুয়োবিধতে অতি উপকাৰী অমিতা।

    পাছে জানেনে, অমিতাত কৈ অমিতাগছৰ পাত অধিক উপকাৰী। চিকিৎসকে দাবী কৰা অনুসৰি আমিতা গছৰ পাত ফলতকৈয়ো ১৫ গুণ বেছি স্বাস্থ্য উপকাৰী । অমিতাৰ পাতৰ পৰা ৰস উলিয়াই বা পাতেৰে চাহ তৈয়াৰ কৰি অথবা পাচলি হিচাপে খাব পাৰে ।

    অমিতা গছৰ পাতত থকা সক্ৰিয় ৰাসায়নিক মিশ্ৰণ এলকালয়ড আৰু ফেনলইড সমূহৰ আছে ভাবিব নোৱাৰা স্বাস্থ্য উপকাৰী গুণ।

    এলকালয়ড আৰু ফেনলইড সমূহে মানুহৰ দেহত এন্টী-স্পাষ্মদিক, এন্টী-ইনফ্লেমেটৰী, এনালজেছিক, এন্টী-বেক্টেৰিয়েল আৰু এন্টী-অক্সিডেন্ট হিচাপে কাম কৰিব পাৰে।

    লগতে অমিতা গছৰ পাতত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, চডিয়াম, মেগনেছিয়াম, আইৰণ আৰু মেগনেছিয়াম আদি খনিজ লৱন থাকে, যিবোৰ দেহৰ বাবে প্রয়োজনীয়।

    তাৰোপৰি অমিতা গছৰ পাতত তেজৰ প্লেটলেট বৃদ্ধি কৰিব পৰা গুণ আছে যিটো ডেংগু জ্বৰ হোৱা লোকৰ বাবে অতি প্ৰয়োজন। অমিতা গছৰ পাতত কেন্সাৰ আৰু মেলেৰিয়া জ্বৰ প্ৰতিৰোধ ক্ষমতাও আছে।

    অমিতা আৰু ইয়াৰ গছৰ পাতৰ সক্ৰিয় জৈৱিক মিশ্ৰণ পেপেইন , কাইম’পেপেইন(ফলত), এচর্বিক এচিড, চাইনজেনিক গ্লুকচাইড, চিচ্টেটিন, গ্লূকচিনলেট আদি পোৱা যায় ।

    ইয়াৰে পেপেইন আৰু কাইম’পেপেইন এ আমি খোৱা খাদ্যৰ প্ৰটিন খিনি সহজতে হজম কৰাৰ লগতে পেটৰ বদহজম দূৰ কৰে।

    অমিতাৰ পাতত মানৱ দেহৰ ইনচুলিন হৰমন সক্রিয় কৰি ৰখাৰ ক্ষমতা আছে। সেয়ে পাতৰ ৰস সময়ে সময়ে কৰিলে ডায়েবেটিছ ৰোগৰ পৰা পৰিত্রান পাব পাৰি বুলি কোৱা হয় ।

    অমিতাৰ পাতৰ ৰসাল এন্টী-অক্সিডেন্ট সমূহে দেহৰ অক্সিডেটিভ ষ্ট্ৰেছ দূৰ কৰিব পাৰে ।

    অমিতা পাতৰ ৰসৰ লিভাৰ সংশোধন কৰিব পৰা গুণো আছে।

    অমিতাগছৰ পাতৰ ৰস সেৱন কৰিলে জণ্ডিচ ৰোগ আৰু চিৰহচিছ লিভাৰ আৰু ফেঁটি লিভাৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি ।

    আহাৰ খোৱাৰ পিছত অমিতাৰ পাতৰ ৰস এক-দুইচামুচ কৈ প্ৰতিদিনে খাব পাৰে । কিন্তু দুচামুচ অত কৈ বেছিকৈ নাখাব কিয়নো অমিতা পাতৰ ৰস খোৱাদত খুব তিতা। আৰু একেৰাহে ৬-৭ দিনৰ বাবেহে খাব , বেছি দিন একেৰাহে নাখাব এনে কৰিলে আপোনাৰ উপকাৰৰ পৰিৱর্তে অপকাৰহে হব ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং