20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অৰুণাচল প্ৰদেশত হিন্দী ভাষী পান দোকানীক গুলীয়াই হত্যা…

    অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ শিমাৰি পানী টেংকীৰ সমীপত এজন লোকক গুলীয়াই হত্যা কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সঞ্জয় যাদৱ নামৰ এগৰাকী হিন্দী ভাষী পান দোকানীক অৰুণাচলী লোক এজনে তৰ্কত লিপ্ত হৈ গুলীয়াই হত্যা কৰাৰ পিছতে তিনিচুকীয়া জিলাৰ ধলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

    সোমবাৰে ধলাৰ ভোজপুৰী যুৱ ছাত্ৰ পৰিষদে ধলাৰ লাফাংকলা চাৰিআলিত ঘটনাৰ উচিত তদন্ত বিচাৰি পথ অৱৰোধ কৰে৷ আৰক্ষীৰ তৎপৰতাত প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ উঠাই লয় যদিও মৃতকৰ পৰিয়ালক ৩০ লাখ টকা এককালীন সাহায্য প্ৰদান কৰা, অৰুণাচল প্ৰদেশত বাস কৰা ভোজপুৰী লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা, হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদান কৰা আদিৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰি ২৪ ঘন্টাৰ ভিতৰত দাবী সমূহ পুৰন কৰিবলৈ প্ৰশাসনক আহ্বান জনায়।

    ইফালে সকলো ধৰণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিবলৈও আহ্বান জনায় সংগঠনটোৰ বিষয়ববীয়াই৷ ইয়াৰ পিছতো যদি অৰুণাচল চৰকাৰে গুৰুত্ব আৰোপ নকৰে তেন্তে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।

    আৰু পঢ়ক : কংগ্ৰেছে আত্মীয় কুটুম্বক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত কলুষিত কৰিছিল শাসন ব্যৱস্থাক! মঙলদৈত দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং