
ডিব্ৰুগড়ত যুৱ ছাত্ৰ পৰিষদৰ সমাৱেশত ভাগ লৈ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। তেওঁ কয় কা বিৰোধী আন্দোলন স্তিমিত হোৱা বুলি বিজেপিয়ে অপপ্ৰচাৰ চলাইছে।
বৰ্তমান সময়ত গণ সমাৱেশ অথবা ৰাজপথৰ আন্দোলনসমূহত ৰাইজৰ অংশগ্ৰহণ কমাতো স্বাভাৱিক। অসমৰ অধিকাংশ লোক কৃষিজীৱি গতিকে কৃষিকৰ্মত ৰাইজ ব্যস্ত থকাৰ বাবেই কা বিৰোধী প্ৰতিবাদত ৰাইজৰ অংশগ্ৰহণ কিছু পৰিমাণে কমিছে কিন্তু সেইবুলি কা বিৰোধী আন্দোলন স্তিমিত হোৱা বুলি যদি চৰকাৰে ভাবিছে তেন্তে ভুল ভাবি আছে। যদিহে বিজেপিৰ সাহস আছে তেন্তে কা সন্দৰ্ভত গণভোটৰ ব্যৱস্থা কৰক, তেতিয়াই সকলো স্পষ্ট হৈ পৰিব।
Photo Credit:@abdulrajjak