টিকটকৰ নিচা! ফল’ৱাৰ্চ বঢ়াবৰ বাবে জীৱিত স্বামীৰ মৃত্যু হোৱা বুলি মিছা ভিডিঅ’ বনালে পত্নীয়ে

0
4999

ভাৰতত টিকটকৰ প্ৰচলন বন্ধ হ’লেও অন্য দেশত বৰ্তমানেও ইয়াৰ জনপ্ৰিয়তা অব্যাহত আছে। জনপ্ৰিয়তা ইমানেই যে মানুহে যিকোনো কাম কৰিবলৈ সাজু। তাৰেই এক জলন্ত উদাহৰণ দাঙি ধৰিলে এগৰাকী মহিলাই।

টিকটকৰ একাণ্টটোৰ জনপ্ৰিয়তা বঢ়াবৰ বাবে পত্নীয়ে বনালে নিজৰ জীৱিত স্বামীৰ মৃত্যু হোৱা বুলি মিছা ভিডিঅ’। এই ঘটনা পাকিস্তানৰ। ভাৰতৰ সমানে পাকিস্তানতো খুবেই জনপ্ৰিয় এই টিকটক।

পাকিস্তানত লোক সকলে নিজৰ নিজৰ একাউণ্ট সমূহ জনপ্ৰিয় কৰিবৰ বাবে আৰু ফল’ৱাৰ্চ বঢ়াবৰ বাবে যি কোনো কৰিবলৈ উদ্যোত হৈ থাকে।

তেনেদৰেই নিজৰ একাউণ্টটো জনপ্ৰিয় কৰিবৰ বাবে এগৰাকী মহিলাই স্বামী মৰা বুলি বনালে টিকটক ভিডিঅ। পিছে এই ভিডিঅৰ পিছত ফল’ৱাৰ্চ নাবাঢ়িলেও মহিলাগৰাকীৰ ঘৰত বহু লোকে ভিৰ কৰে সমবেদনা জ্ঞাপন কৰিবৰ বাবে।

পাকিস্তানত এই স্বামী-স্ত্ৰী ইমানেই জনপ্ৰিয় যে, কেইবাটাও মছজিদৰ জৰিয়তেও এই মৃত্যুৰ বাতৰি সদৰি কৰে। লগতে সংবাদ মাধ্যমতো স্থান পাই এই খবৰে।

Photo Credit: Social Media