34 C
Guwahati
Tuesday, October 12, 2021
More

    একে-৪৭ আৰু অন্য অস্ত্ৰৰে সৈতে ৰাজধানী দিল্লীত পাকিস্তানী নাগৰিক আটক

    একে-৪৭ আৰু অন্য অস্ত্ৰৰে সৈতে ৰাজধানী দিল্লীত পাকিস্তানী নাগৰিক আটক

    দেশৰ ৰাজধানী দিল্লীত এজন পাকিস্তানী নাগৰিকক অস্ত্ৰ-শস্ত্ৰ সহ আটক কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

    পূব দিল্লীৰ লক্ষ্মী নগৰ অঞ্চলৰ পৰা দিল্লী আৰক্ষীয়ে পাকিস্তানী নাগৰিকক উদ্ধাৰ কৰাৰ লগতে লোকজনৰ পৰা অস্ত্ৰ-সস্ত্ৰও উদ্ধাৰ কৰে।

    পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মহম্মদ আশ্ৰফ নামৰ পাকিস্তানী নাগৰিক গৰাকীয়ে ভাৰতত ভূৱা প্ৰমাণ পত্ৰ উলিয়াই ভাৰতীয় নাগৰিক হিচাপে বাস কৰি আছিল।

    মহম্মদ আশ্ৰফ নামৰ লোকজনৰ পৰা এ কে-৪৭ ৰাইফলৰ লগতে ভালেসংখ্যক অন্যান্য অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়।

    মহম্মদ আশ্ৰফক বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধী আইনৰ লগতে বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় বুলি দিল্লী আৰক্ষীয়ে সদৰী কৰে।

    উল্লেখযোগ্য যে, পাকিস্তানী নাগৰিক গৰাকীয়ে ভূৱা ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ উলিওৱাৰ লগতে ভাৰতীয় মহিলা এগৰাকীৰ সৈতেও বৈবাহিক সম্পৰ্ক গঢ়ি তুলিছিল।

    মহম্মদ আশ্ৰফে যমুনা নদীৰ পাৰতে গোপনভাৱে অস্ত্ৰ-শস্ত্ৰ সমূহ লুকুৱাই ৰাখিছিল।

    আৰু পঢ়ক : চুইছাইড নোটত প্ৰধান মন্ত্ৰীৰ নাম উল্লেখ কৰি একাদশ শ্ৰেণীৰ ছাত্ৰৰ আত্মহত্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং