প্ৰফেচৰ ছদ্মনামেৰে জনপ্ৰিয় এইজন তাৰকা ক্ৰিকেটাৰে জনালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায়

0
268
প্ৰফেচৰ ছদ্মনামেৰে জনপ্ৰিয় এইজন তাৰকা ক্ৰিকেটাৰে জনালে আন্তঃৰাষ্ট্ৰীয়
ফটো সৌজন্য- ইণ্টাৰনেট

প্ৰফেচৰ ছদ্মনামেৰে জনপ্ৰিয় এইজন তাৰকা ক্ৰিকেটাৰে জনালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায়

পাকিস্তানৰ তৰকা অলৰাউণ্ডাৰ মহম্মদ হাফিজে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।

পাকিস্তান ক্ৰিকেট দলৰ বৰ্ষীয়ান ক্ৰিকেটাৰগৰাকীৰ অৱসৰকলৈ দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আহিছিল আৰু অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই মহম্মদ হাফিজে অৱসৰ গ্ৰহণ কৰে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও মহম্মদ হাফিজে পিএছএল, এলপিএলৰ নিচিনা ফ্ৰেনঞ্চাইজি ক্ৰিকেট প্ৰতিযোগিতা সমূহ খেলি যাব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, অলপতে সংযুক্ত আৰৱ আমিৰশ্বাহীত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ প্ৰতিযোগিতাত পাকিস্তান জাতীয় দলক প্ৰতিনিধিত্ব কৰিছিল মহম্মদ হাফিজে।

টেষ্ট ক্ৰিকেটত পাকিস্তান জাতীয় দলক নেতৃত্ব দিয়া মহম্মদ হাফিজে ২০১৮ চনত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। নিজৰ ক্ৰিকেট কেৰিয়াৰ দীঘলীয়া কৰাৰ বাবেই টেষ্ট ক্ৰিকেটৰ পৰা সোনকালে অৱসৰ গ্ৰহণ কৰিছিল ক্ৰিকেটাৰ গৰাকীয়ে।

২০০৩ চনত পাকিস্তান ক্ৰিকেট দলৰহৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল মহাম্মদ হাফিজৰ।

পাকিস্তান জাতীয় দলৰহৈ হাফিজে মুঠ ২১৮ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি ৬৬১৪ ৰান কৰাৰ বিপৰীতে বলিঙতো ১৩৯ টা উইকেট দখল কৰিছিল।

ইপিনে, হাফিজে ১১৯ খন টি-২০ খেলত অংশলৈ ২৫১৪ ৰান কৰাৰ লগতে ৬১ টা উইকেট দখল কৰে। টেষ্টতো হাফিজৰ নামত আছে ৩৬৫২ ৰান।

পাকিস্তান ক্ৰিকেট দলত মহম্মদ হাফিজ প্ৰফেচৰ ছদ্মনামেৰে জনপ্ৰিয় আছিল।

আৰু পঢ়ক : কৃষক হত্যাকাণ্ড! SIT য়ে দাখিল কৰিলে ৫০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট, মুখ্য অভিযুক্ত মন্ত্ৰী পুত্ৰ আশীষ মিশ্ৰা