গুজৰাটট ২০০ কোটি টকাৰ হেৰোইন কঢ়িয়াই অনা পাকিস্তানী নাও জব্দ! ৬ জন পাকিস্তানী গ্ৰেপ্তাৰ

0
1241

গুজৰাটট ২০০ কোটি টকাৰ হেৰোইন কঢ়িয়াই অনা পাকিস্তানী নাও জব্দ! ৬ জন পাকিস্তানী গ্ৰেপ্তাৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনী (ICG) আৰু এটিএছ গুজৰাটৰ এটা দলে এক যুটীয়া অভিযানত পাকিস্তানীৰ দুখন নাও জব্দ কৰে। নাও দুখনৰ পৰা ২০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে।

জানিব পৰা মতে বুধবাৰে পুৱতি নিশা ভাৰতীয় উপকূলৰক্ষী বাহিনী (ICG) আৰু এটিএছ গুজৰাটৰ এটা দলে যুটীয়া ভাৱে অভিযান চলাই দুখন পাকিস্তানী নাও জব্দ কৰে।

নাও দুখনৰ পৰা আৰক্ষীয়ে ৪ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। এই হেৰোইন খিনিৰ বজাৰ মূল্য প্ৰায় ২০০ কোটি টকা হ’ব। হেৰোইন খিনিৰ লগতে ৬ জন লোককো গ্ৰেপ্তাৰ কৰিছে।

পাকিস্তানী ব্যক্তি কেইজনে ৪০ টা বেলেগ বেলেগ পেকেটত হেৰোইন খিনি আনিছিলে।ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বিষয়া সকলে কৌশলগতভাৱে সামুদ্ৰিক সীমা ৰেখাৰ ওচৰৰ এলেকা সমূহত টহল দি আছিলে।

আৰু সেই সময়তে দুখন আন্তঃসংযোগকাৰী শৃংখলাৰ নাও – চি-৪০৮ আৰু চি-৪৫৪ জব্দ কৰে। নাও দুখনে ভাৰতীয় জলসীমাৰ ভিতৰত ছয় মাইলৈকে সোমাই আহিছিল।

এক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিতে ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু গুজৰাট এটিএছে এই যুটীয়া অভিযানটো কৰিছিল।