পাকিস্তানৰ সমৰ্থক আছিল ৰকিবুল হুছেইনৰ পিতৃঃ অনিল ৰাজা

ৰকিবুল হুছেইনক দলৰ পৰা বাহিৰ কৰি দিব লাগে বুলিও বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে

0
3618
Photo: Time8

পুনৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক আক্ৰমণ কংগ্ৰেছ নেতা অনিল ৰাজাৰ। ৰাইজে বিকল্পৰ চিন্তা কৰা মুহূৰ্তত কংগ্ৰেছে আগুৱাই যোৱাৰ পৰিবৰ্তে অন্তঃকন্দলত জজৰ্ৰিত, এজন প্ৰাক্তন মন্ত্ৰীয়ে কংগ্ৰেছক ধবংস কৰিলে, ৰকিবুল হুছেইন কোনো দিন কংগ্ৰেছী নাছিল।’- স্বগৃহত অনুষ্ঠিত কৰা সংবাদমেলত এই মন্তব্য অনিল ৰাজাৰ।

ৰকিবুল হুছেইনৰ পিতৃ জিন্নাৰ সমৰ্থক আছিল, পাকিস্তানৰ জিন্নাৰ মুছলিম দলৰ হৈ কাম কৰিছিল ৰকিবুলৰ পিতৃয়ে। – ৰকিবুল হুছেইনক উদ্দেশ্যি এই মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ। ‘অনিল ৰাজাই খাতিৰ নকৰে ৰকিবুলক, ১৩জন বিধায়কৰ সৈতে মিলি কংগ্ৰেছত ছিণ্ডিকেট চলাইছে ৰকিবুলে, ৰকিবুল হুছেইন পঁচা আলু, ৰাষ্ট্ৰদ্ৰোহী পাকিস্তানী সমৰ্থন, নগাঁৱত লড়কে লেংগে পাকিস্তান শ্লগান তুলিছিল ৰাজপথত।’- এই বুলি সংবাদমেলত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ অনিল ৰাজাৰ।

‘ৰিপুন বৰা এজন দক্ষতাহীন নেতা, তেওঁক কোনেও গ্ৰহণ নকৰে।’- ৰিপুন বৰাকো সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ। দেবব্ৰত শইকীয়াৰ বিৰুদ্ধে এতিয়া ষড়যন্ত্ৰ কৰিছে ৰকিবুলে, কিন্তু দেবব্ৰতৰ পিতৃৰ ভৰিত ধৰিয়েই কংগ্ৰেছলৈ আহিছিল ৰকিবুল।’- এই মন্তব্য অনিল ৰাজাৰ। ৰকিবুল হুছেইনক দলৰ পৰা বাহিৰ কৰি দিব লাগে বুলিও বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।