16 C
Guwahati
Friday, December 3, 2021
More

    “দেশ চলাবৰ বাবে আমাৰ হাতত ধন নাই”, জনসভাত অসহায় পাকিস্তানী প্ৰধান মন্ত্ৰীৰ স্বীকাৰোক্তি

    “দেশ চলাবৰ বাবে আমাৰ হাতত ধন নাই”, জনসভাত অসহায় পাকিস্তানী প্ৰধান মন্ত্ৰীৰ স্বীকাৰোক্তি

    পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে এখন জনসভাত সম্বোধন কৰি দেশ চলোৱাৰ বাবে তেওঁৰ হাতত ধন নাই বুলি মন্তব্য কৰে।

    “আমাৰ ডাঙৰ সমস্যা হৈছে আমাৰ হাতত দেশ চলোৱাৰ বাবে টকা নাই যাৰবাবে এতিয়া আমি অন্যৰ পৰা ঋণ ল’বলগীয়া হৈছে,” ইমৰাণ খানে জনসভাত এইদৰে কয়।

    ইমৰাণ খানে জনসভাত দেশৰ বৰ্দ্ধিত বিদেশী ঋণ আৰু দেশৰ কৰৰ পৰা অহা ৰাজহ হ্ৰাস হোৱাক ভবিষ্যতৰ বাবে এক ডাঙৰ সমস্যা হিচাপেও অভিহিত কৰে।

    প্ৰধান মন্ত্ৰী খানে বিগত চাৰিমাহত পাকিস্তানে মুঠ ৩.৮ বিলিয়ন বিদেশী ঋণৰ বোজা ল’বলগীয়া হৈছে বুলিও সদৰী কৰে।

    উল্লেখযোগ্য যে, পাকিস্তানত দেখা দিয়া আৰ্থিক সংকটৰ পৰা সাময়িকভাৱে দেশক উদ্ধাৰ কৰাৰ বাবে ইমৰাণ খান চৰকাৰে য়ু এ ইৰ পৰা ঋণ গ্ৰহণ কৰিছিল।

    পাকিস্তানে চীন আৰু অন্য দেশৰ পৰাও ইতিমধ্যে বহু পৰিমাণৰ ঋণ গ্ৰহণ কৰি থৈছে।

    আৰু পঢ়ক : পুনৰ এনকাউণ্টাৰ; এইবাৰ আৰক্ষীৰ গুলীত আহত হ’ল দুজনকৈ ড্ৰাগছ ব্যৱসায়ী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং