- জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছতে স্তৱ্ধ হৈ পৰিছে
- ইমৰানে ক’লে- এতিয়া ভাৰতৰ সৈতে আলোচনাৰ কোনো অৰ্থ নাই
- ইমৰানে পুনৰ দিলে যুদ্ধৰ ভাবুকি
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বুধবাৰে ক’লে যে এতিয়া ভাৰতৰ সৈতে আলোচনা কৰিবলৈ আৱেদন নজনাও। ইয়াৰ লগতে ইমৰান খানে পুনৰ পাৰমানৱিক যুদ্ধৰ ভাবুকি প্ৰদান কৰিলে।
বিদেশী মিডিয়া অনুসৰি এটা সাক্ষাতকাৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে তেওঁ বাৰে-বাৰে আলোচনা কৰিবলৈ অনুৰোধ কৰিছে কিন্তু ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব প্ৰদান নকৰিলে।
কাশ্মীৰত অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ মোদী চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ইমৰান খানে ধাৰাবাহিকভাৱে কৰি আছে মন্তব্য। আমেৰিকাৰ বাতৰিকাকত দ্যা নিউ য়ৰ্ক টাইমত হোৱা সাক্ষাতকাৰত ইমৰান খানে ক’লে, ‘এতিয়া তেওঁলোকৰ সৈতে কথা পতাৰ কোনো লাভ নাই। মই আলোচনা কৰাৰ বহুত চেষ্টা কৰিলো, কিন্তু লাভ একো নহ’ল।