প্ৰধান মন্ত্ৰী হৈয়ে পাকিস্তানত কি কি নিয়ম সলনি কৰিলে প্ৰধান মন্ত্ৰী শ্বেহবাজ শ্বৰীফে?

0
171
প্ৰধান মন্ত্ৰী হৈয়ে পাকিস্তানত কি কি নিয়ম সলনি কৰিলে প্ৰধান মন্ত্ৰী শ্বেহবাজ শ্বৰীফে?
ফটো সৌজন্য- ইণ্টাৰনেট

পাকিস্তানৰ নতুন প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে সক্ৰিয় হৈ পৰিছে পাকিস্তানৰ নতুন প্ৰধান মন্ত্ৰী শ্বেহবাজ শ্বৰীফ। শ্বেহবাজ শ্বৰীফে প্ৰধান মন্ত্ৰীৰ দায়িত্বলৈ প্ৰথম দিনাখন প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়লৈ গৈ পাকিস্তানত চলি থকা দুদিন চৰকাৰী বান্ধ এদিনলৈ হ্ৰাস কৰে।

এতিয়াৰে পৰা পাকিস্তানত একমাত্ৰ দেওবাৰেহে চৰকাৰী বন্ধ থাকিব।

ইয়াৰোপৰি, শ্বেহবাজ শ্বৰীফে পাকিস্তানত কাৰ্য্যালয়লৈ অহাৰ সময়ত পুৱা ১০ বজাৰ পৰিৱৰ্তে ৮ বজা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

“আমি জনসাধাৰণক সেৱা কৰাৰ বাবে আহিছো আৰু কোনো সময় আমি অপচয় কৰা উচিত নহয়,” পাকিস্তানৰ নতুন প্ৰধান মন্ত্ৰী শ্বেহবাজশ্বৰীফে এইদৰে কয়।

উল্লেখযোগ্য যে, পাকিস্তানৰ সংসদনত অনুষ্ঠিত হোৱা আস্থাৰ ভোটত ইমৰাণ খান পৰাস্ত হোৱাৰ পাছতে বিৰোধী দলপতি শ্বেহবাজ শ্বৰীফ পাকিস্তানৰ নতুন প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

পাকিস্তানৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক অস্থিৰতাৰ অন্তত নতুন প্ৰধান মন্ত্ৰী হিচাপে শ্বেহবাজ শ্বৰীফে দায়িত্ব গ্ৰহণ কৰি সক্ৰিয় হৈ পৰিছে।

আৰু পঢ়ক : ‘ভাৰতে নিজৰ সিদ্ধান্ত নিজেই ল’ব, কিন্তু…’ : মোদী-বিডেনৰ আলোচনাৰ পিছত আমেৰিকা