বিমান কৰ্মচাৰীলৈ অদ্ভুত নিয়ম, নিয়ম শুনি হাঁহিছে বিশ্বই- ‘অন্তৰ্বাস পিন্ধা বাধ্যতামূলক’

0
194

বিমান কৰ্মচাৰীলৈ অদ্ভুত নিয়ম, নিয়ম শুনি হাঁহিছে বিশ্বই- ‘অন্তৰ্বাস পিন্ধা বাধ্যতামূলক’।আজৱ নিয়ম , নিয়মে এতিয়া হাঁহিৰ খোৰাক দিছে বিশ্বৰ বহু লোকক।

তাকো এনে নিয়ম সেই নিয়ম যেন পূৰ্বে কোনোও কোনোদিনে পালনে কৰা নাছিল। কৰ্তব্যৰ সময়তে নহয় কৰ্তব্য়ৰ বাহিৰতো অন্তৰ্বাস পৰিধান কৰাটো বাধ্যতামূলক।

এই আজৱ নিয়ম উলিয়াইছে পাকিস্তানৰ বিমান প্ৰাধিকৰণে (পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা (PIA)। বিমানসেৱাৰ সৈতে জড়িত লোক সকল, যেনে বিমান পৰিচাৰিকা আৰু ক্ৰু মেম্বাৰৰ ক্ষেত্ৰত জাৰি কৰিছে নিয়ম।

কৰ্তব্যৰ সময়ৰ লগতে অন্য সময়তো বিমান পৰিচাৰিকা আৰু ক্ৰু মেম্বাৰে পৰিধান কৰিব লাগিব সম্পূৰ্ণ তথা সঠিকভাৱে অন্তৰ্বাস। পুৰুষ-মহিলা উভয়ৰে বাবে জাৰি কৰিছে এই নিয়ম।

পাকিস্তাৰ বিমান প্ৰাধিকৰণে এই নিয়ম জাৰি কৰি যুক্তি দাঙি ধৰে যে, বিমানসেৱাৰ সৈতে জড়িত লোক সকলে কৰ্তব্যৰ শেষত কোনো ঠাই ভ্ৰমণৰ বাবে যায় বা হোটেল, ৰেষ্টুৰেণ্ট আদিলৈ যায়।

কিন্তু যদিহে সঠিকভাৱে কাপোৰ পৰিধান নকৰে তেন্তে ই পাকিস্তানৰ বিমান সেৱাৰ ওপৰত এক বিৰূপ প্ৰভাৱ পৰে। লগতে যি সকলে বিমান সেৱাৰ সৈতে জড়িত কামত জীৱনৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰ সেই সকলৰ ওপৰতো বেয়া প্ৰভাৱ পেলাই।

সেয়ে সম্পূৰ্ণ তথা সঠিক অন্তৰ্বাস পৰিধান কৰাটো বাধ্যতামূলক, লগতে সাধাৰণ কাপোৰ পৰিধান কৰিবলৈয়ো আহ্বান।

কেৱল সিমানেই নহয়, এই নিৰ্দেশনাৰ উলংঘন কৰিলে শাস্তিৰো ব্যৱস্থা কৰিছে পাকিস্তান বিমান প্ৰাধিকৰণে। ইয়াৰ বাবে বিশেষ ভাৱে গ্ৰুমিং গ্ৰুপ বনোৱা হব। যিয়ে চকু ৰাখিব বিমান কৰ্মচাৰী সকলৰ ওপৰত। লগতে কোনো দোষ দেখা পালে সেই লোকৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিব পাৰিব।

যি নিয়মৰ বিষয়ে শুণি এতিয়া বিশ্বৰ বহু লোকৰে হাঁহি উঠিছে। লগতে স্তম্ভিত হৈছে এনে নিয়ম শুনি। পাকিস্তানৰ বিমান সেৱাৰ সৈতে জড়িত লোক সকলেও আচৰিত হোৱাৰ লগতে ইয়াৰ বিৰোধিতা কৰা দেখা গৈছে।