প্ৰেমে সঁচাকৈয়ে নামানে বাধা, চাফাই কৰ্মীৰ প্ৰেমত পৰি বিবাহ পাশত আৱদ্ধ এগৰাকী মহিলা চিকিৎসক

0
23540

প্ৰেমে সঁচাকৈয়ে নামানে বাধা, চাফাই কৰ্মীৰ প্ৰেমত পৰি বিবাহ পাশত আৱদ্ধ এগৰাকী মহিলা চিকিৎসক

প্ৰেম কেতিয়াও কাৰোবাৰ চেহেৰা দেখি কৰা নহয়, ই কেৱল নিজেই হয়। যি সচাকৈ প্ৰেমত পৰিছেস সেই লোকেহে বুজিব প্ৰেম কি। প্ৰেমে কোনো বাধা নামামে, প্ৰেম হৈ যায়।

এইবাৰ এগৰাকি মহিলা চিকিৎসকৰ প্ৰেম কাহিনীয়ে সকলোকে তবধ মনাইছে। যাৰ প্ৰেম কাহিনীয়ে অনুপ্ৰাণিত কৰিছে বহু লোকক। কিয়নো এখন হাস্পতালত কাম কৰা এগৰাকী মহিলা চিকিৎসক প্ৰেমত পৰে সেই হাস্পতালৰেই এগৰাকী চাফাই কৰ্মীৰ।

যি প্ৰেমৰ শেষ পৰিণতি হিচাপে দুয়ো বিবাহ পাশতো আৱদ্ধ হয়। সমাজৰ বহু ককৰ্থনা শুনিয়ো সকলোকে আওকান কৰি সেই প্ৰেমক বিবাহেৰে মান্যতা দিয়ে। এই ঘটনা পাকিস্তানৰ ।

পাকিস্তানৰ এইহাল দম্পতীৰ কথা এতিয়া সামাজিক মাধ্যমত শিৰোনাম দখল কৰিছে। এই প্ৰেম কাহিনীৰ বিশেষ কথা এই যে, মহিলা চিকিৎসকগৰাকীয়ে নিজেই চিকিৎসালয়ৰ এগৰাকী চাফাই কৰ্মীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। মহিলা এম বি বি এছ চিকিৎসকগৰাকীৰ নাম কিশ্বৰ আৰু প্ৰেমিকৰ নাম শ্বাহজাদ।

স্বাহজাদৰ সৰলতাত মোহিত হৈ পৰিছিল চিকিৎসকগৰাকী। কিশ্বৰে এক সাক্ষাতত কৈছে, ‘মই শ্বাহজাদৰ ব্যক্তিত্ব খুব ভাল পাইছিলো। তেখেতক দেখি, এনে লগা নাছিল যে তেওঁ চাফাই কৰ্মচাৰী। একেলগে কাম কৰোতা অন্য এগৰাকী কৰ্মীৰ দৰেই লাগিছিল।

সেয়ে এদিন চিকিৎসক কিশ্বৰে ঘৰৰ কাকো একো নজনানোৱাকৈ সেই চাফাইকৰ্মীগৰাকীক বিবাহৰ প্ৰস্তাৱ আগবঢ়াই। এই ক্ষেত্ৰত চিকিৎসকগৰাকীয়ে কয় যে, মই মোৰ গোটেই জীৱনটোৰ বাবে এদিনতে সিদ্ধান্ত লৈছিলো।”

এই সিদ্ধান্তৰ বাবে কিশ্বৰে সকলো বন্ধু বান্ধৱীকে হেৰুৱাই পেলালে, লগতে চিকিৎসালয়ৰ চাকৰিয়ো এৰি দিলে যাতে আৰু কোনো লোকৰ কোনো ধৰণৰ কথা শুনিব লগা নহয়। এতিয়া ঘৰৰ ওচৰতে এখন ক্লিনিক খুলি জীৱনৰ বাকিছোৱা সময় অতিবাহিত কৰিব বিচাৰে।