“ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়” ভাৰতীয় ক্ৰিকেট দলক ভাবুকি পাক ক্ৰিকেট বোৰ্ডৰ মুৰব্বীৰ

0
119

“ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়” ভাৰতীয় ক্ৰিকেট দলক ভাবুকি পাক ক্ৰিকেট বোৰ্ডৰ মুৰব্বীৰ

পাকিস্তানে অহা বছৰ ক্ৰিকেটৰ খেলৰ দুখন আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ আয়োজন কৰিব, আনহাতে ভাৰতে কৰিব আনখন প্ৰতিযোগিতাৰ আয়োজন।

প্ৰথমখন হৈছে এছিয়া কাপ। ৰমিজ ৰাজাৰ দেশক এই ৫০ অভাৰৰ প্ৰতিযোগিতাখন আয়োজন কৰাৰ দায়িত্ব দিয়া হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) সম্পাদক জয় শ্বাহে শেহতীয়াকৈ কৈছে যে ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়।

একে সময়তে ঘোষণা কৰা হৈছে যে, এছিয়া কাপ পাকিস্তানক বাদ আন দেশত হ’লে ভাৰতীয় খেলুৱৈসকলে খেলিবলৈ যাব । ৰমিজে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে কৈছে যে “যদি পাকিস্তানে ভাৰতলৈ গৈ অহা বছৰ বিশ্বকাপ নেখেলে, তেন্তে কোনোবাই খেল চাব নেকি? আমি স্পষ্ট যে যদি ভাৰতে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ আহে, তেন্তে আমিও ভাৰতলৈ গৈ বিশ্বকাপ নেখেলো। “

উল্লেখ্য যে, ভাৰত আৰু পাকিস্তানে ৰাজনৈতিক কাৰণত ইখন দেশে সিখন দেশৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলা নেখেলে। এই দুয়োখন দেশক কেৱল বিশ্বকাপ, এছিয়া কাপ, চেম্পিয়নছ ট্ৰফীৰ দৰে প্ৰতিযোগিতাত খেলাহে দেখা পোৱা গৈছে। ভাৰতে শেষবাৰৰ বাবে ২০০৮ চনত এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ গৈছিল আৰু তেতিয়াৰে পৰা তেওঁলোক চুবুৰীয়া দেশখনলৈ যোৱা নাই।

পাকিস্তানে ২০১২ চনত দ্বিপাক্ষিক শৃংখলা খেলিবলৈ ভাৰতলৈ আহিছিল। এয়ায়ে শেষ দ্বিপাক্ষিক শৃংখলা আছিল। তেতিয়াৰে পৰা দুয়োখন দেশৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলা হোৱা নাই।