মঙলবােৰ পাকিস্তানে ধাৰাবাহিকভাৱে দ্বিতীয় দিনাও জম্মু-কাশ্মীৰত LoCত উলংঘন কৰিলে যুদ্ধবিৰতি। মঙলবাৰে LoCত পুঞ্চ জিলাৰ কৃষ্ণাঘাটী ছেক্টৰ আৰু মেন্ধৰ ছেক্টৰত পাকিস্তান কোনো কাৰণ নোহোৱাকৈ গুলীচালনা কৰে।
পাকিস্তানৰ গুলীয়াগুলীত ছহীদ নায়ক ৰবি ৰঞ্জন কুমাৰ সিং। ইয়াৰ প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনায়ো। ইয়াৰ পূৰ্বে সোমবাৰেও পাকিস্তানে নছেৰা ছেক্টৰত আক্ৰমণ কৰিছিল।
৩৬ বছৰীয়া নায়ক ৰবি ৰঞ্জন কুমাৰ সিং বিহাৰৰ ৰোহতাছ জিলাৰ ডেহৰী অন ছোনৰ বাসিন্দা আছিল। তেওঁৰ পৰিয়ালত পত্নী ৰীতা দেৱীৰ উপৰিও আছিল অন্য সদস্য। সেনাই ক’লে যে ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত পাকিস্তানৰ ছাউনীৰ যথেষ্ট ক্ষতিসাধন হয়।
ডিজি আইএছপিআৰে টুইটাৰযোগে ক’লে যে LoCত ভাৰতে প্ৰত্যুত্তৰত চলোৱা গুলীচালনাত পাকিস্তানৰ ৩গৰাকী সেনা নিহত হয়। গুলীয়াগুলীত নিহত হোৱা পাকিস্তানী সেনাৰো ফটো প্ৰকাশ কৰিলে। মৃত সেনা কেইগৰাকীৰ নাম হ’ল নায়ক তনবীৰ, লেঞ্চ নায়ক তেমুৰ আৰু চিপাহী ৰমজান।