নৰম পাকিস্তান; কাশ্মীৰকে ধৰি সকলো সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে সাজু

0
176
নৰম পাকিস্তান; কাশ্মীৰকে ধৰি সকলো সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে সাজু

নৰম পাকিস্তান; কাশ্মীৰকে ধৰি সকলো সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে সাজু

ভাৰতৰ সৈতে চলি থকা সকলো বিবাদ আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ পোষকতা কৰিছে পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল কমৰ বাজৱাই।

শনিবাৰে বাজৱাই কয় যে ইছলামাবাদে কাশ্মীৰকে ধৰি সকলো অমীমাংসিত সমস্যা সমাধানৰ বাবে কূটনীতিৰ পথত বিশ্বাস কৰে, যাতে ‘আমাৰ অঞ্চলৰ পৰা সংঘাত আঁতৰি থাকে’।

জেনেৰেল বাজৱাই দুদিনীয়া ‘ইছলামাবাদ নিৰাপত্তা আলোচনা’ সন্মিলনৰ অন্তিম দিনটোত এই কথা কয়।

সেনা প্ৰধানজনে কয় যে উপসাগৰীয় অঞ্চল আৰু আন ঠাইকে ধৰি বিশ্বৰ এক-তৃতীয়াংশ লোক এক প্ৰকাৰৰ সংঘৰ্ষ আৰু যুদ্ধৰ সৈতে জড়িত, এনে পৰিস্থিতিত ‘আমি আমাৰ অঞ্চলৰ পৰা সংঘাত আঁতৰাই ৰখাটো গুৰুত্বপূৰ্ণ’।

‘পাকিস্তানে কাশ্মীৰ বিবাদকে ধৰি সকলো অমীমাংসিত সমস্যা সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ পথত বিশ্বাস কৰে, আৰু যদি ভাৰতে এনে কৰিবলৈ সন্মত হয়, তেন্তে এই দিশত আগবাঢ়িবলৈ সাজু’, জেনেৰেল বাজৱাই কয়।

আৰু পঢ়ক : আৰয়ান খান ড্ৰাগছ গোচৰৰ নতুন মোৰ; সাক্ষী প্ৰভাকৰ ছেইলৰ মৃত্যু