29 C
Guwahati
Thursday, October 21, 2021
More

    সুশান্ত সিং ৰাজপুতৰ স্মৰণত অনুৰাগীয়ে এনেকুৱা এখন ছবি আঁকিলে, দেখিলে আপোনাৰো চকু সেমেকিব

    উল্লেখ্য যে সুশান্তে কিয় আত্মহত্যা কৰিলে এই বিষয়ে বৰ্তমানেও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ তদন্ত অব্যাহত

    বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুই ১৫টা দিন অতিক্ৰম কৰিলে। কিন্তু এতিয়াও তেওঁৰ অনুৰাগীসকলে বিশ্বাস কৰিব পৰা নাই যে সুশান্ত আৰু আমাৰ মাজত নাই।

    সাধাৰণ লোকৰ লগতে বলীউডৰ বহুকেইগৰাকী তাৰকাই সুশান্তক লৈ এতিয়াও ছচিয়েল মিডিয়াত পোষ্ট কৰিয়েই আছে।

    ইয়াৰ মাজতে সুশান্তৰ এজন অনুৰাগীৰ এটা ইনষ্টাগ্ৰাম পোষ্ট ইণ্টাৰনেটত যথেষ্ট ভাইৰেল হৈ পৰিছে।

    দৰাচলতে, শ্ৰীতম বেনাৰ্জী নামৰ এজন সুশান্তৰ অনুৰাগীয়ে এখন ছবি আঁকিছে, যিখন দেখি আপোনাৰো চকু সেমেকি উঠিব।

    এই ছবিখনত সুশান্তে মাতৃৰ কোলাত মূৰ থৈ শুই থকা দেখা গৈছে। সুশান্তৰ অনুৰাগীজনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ছবিখন শ্বেয়াৰ কৰিছে।

    তেওঁ ছবিখন শ্বেয়াৰ কৰি লিখিলে, ‘যেতিয়া সকলো চূৰ্ণ বিচূৰ্ণ হৈ যায়, মই মোৰ মাৰ কোলাত শান্তি বিচাৰি পাও। সুশান্তক লৈ অঁকা এইখন মোৰ অন্তিমখন ছবি। আৰ আই পি।’

    উল্লেখ্য যে সুশান্তে কিয় আত্মহত্যা কৰিলে এই বিষয়ে বৰ্তমানেও জানিব পৰা হোৱা নাই।

    ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ তদন্ত অব্যাহত। সুশান্ত সিং বিগত ৬ মাহ ধৰি মানসিক অশান্তিত ভুগি আছিল।

    ইফালে সুশান্তৰ মৃত্যুৰ পিছত বলীউডত নেপ’টিজমক লৈ পুনৰবাৰ সংঘাত আৰম্ভ হৈছে। কেইবাজনো দিগ্গজ তাৰকাই বলীউডৰ পৰ্দা ফাদিল কৰা দেখা পোৱা গৈছে।

    ইয়াৰ ভিতৰত মুখ্য ভূমিকাত আছে অভিনেত্ৰী কংগনা ৰানাৱট, অভিনেতা ছাহিল খান আৰু নিৰ্দেশক অভিনৱ কাশ্যপ।

    এই ঘটনাক লৈ বিভিন্নজনে চলমান খান, কৰণ জোহৰ, আলিয়া ভাট আৰু মহেশ ভাটৰ ওপৰত ছচিয়েল মিডিয়াত ধাৰাৱাহিকভাৱে পোষ্ট কৰি আছে।

    Photo Credit: sritambanerjeeofficial (Instagram)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং