অহা ৩০ অক্টোবৰত অসমৰ পাঁচটা সমষ্টিত স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

0
154
অহা ৩০ অক্টোবৰত অসমৰ পাঁচটা সমষ্টিত স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অহা ৩০ অক্টোবৰত অসমৰ পাঁচটা সমষ্টিত স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে অসমৰ পাঁচটা সমষ্টিত অহা ৩০ অক্টোবৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

এক চৰকাৰী জাননী অনুসৰি, গোসাঁইগাঁও, ভবানীপুৰ তামুলপুৰ, মৰিয়নি আৰু থাওৰা  সমষ্টিৰ ভিতৰত চৰকাৰী, বেচৰকাৰী, স্থানীয় সংস্থা, শিক্ষা প্ৰতিষ্ঠান, বেংককে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান, চাহ বাগান আৰু উদ্যোগৰ লগতে আন আন প্ৰতিষ্ঠান আদিক বেতনযুক্ত বন্ধ হিচাপে ঘোষণা কৰিছে।

ভোটদানৰ সুবিধা প্ৰদানৰ উদ্দেশ্য আগত ৰাখিয়েই ৰাজ্য চৰকাৰে স্থানীয় বন্ধৰ ঘোষণা কৰা বুলি জাননীখনত উল্লেখ কৰে।

উল্লেখ্য যে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সুশান্ত বৰগোহাঁইয়ে থাওৰাত, ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিত আৰু এ আই ইউ ডি এফ ত্যাগ কৰা ফণী তালুকদাৰে বিজেপিৰ হৈ ভৱানীপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

আনহাতে তামুলপুৰ আৰু গোসাইগাঁও সমষ্টি দুটাত বিজেপি মিত্ৰজোঁটৰ অংশীদাৰী দল ইউ পি পি এলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।

এই পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ-নিৰ্বাচনত মুঠ ৭,৯৬,৪৫৬ জন যোগ্য ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

প্ৰায় ৮ লাখ ভোটাৰে ৩০ অক্টোবৰত ৩১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।  

আৰু পঢ়ক : আমেৰিকা ভ্ৰমণ কৰিব বিচৰা সকলৰ বাবে নতুন নিৰ্দেশনা মাৰ্কিন প্ৰশাসনৰ