দেশৰ প্ৰথমগাৰকী তৃতীয় লিংগৰ ব্যক্তি যিয়ে ফুটপাথত নাচি-ভিক্ষা খুজি জীৱন আৰম্ভ কৰাৰ পিছত অৱশেষত এক বিশেষ কামৰ বাবে লাভ কৰে পদ্ম সন্মান

0
12629
দেশৰ প্ৰথমগাৰকী তৃতীয় লিংগৰ ব্যক্তি যিয়ে লাভ কৰে পদ্ম সন্মান

দেশৰ প্ৰথমগাৰকী তৃতীয় লিংগৰ ব্যক্তি যিয়ে ফুটপাথত নাচি-ভিক্ষা খুজি জীৱন আৰম্ভ কৰাৰ পিছত অৱশেষত এক বিশেষ কামৰ বাবে লাভ কৰে পদ্ম সন্মান

এগৰাকী তৃতীয় লিংগৰ বিশেষ ব্যক্তি। যিয়ে সদ্যহতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা লাভ কৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান । যি হৈছে তৃতীয় লিংগৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে এই সৰ্বোচ্চ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

তেখেতৰ নাম হৈছে মাঞ্জাম্মা জোগাতি (Matha B. Manjamma Jogati)। জীৱনৰ আদি কাল চোৱা ৰাজপথত নাচি, ভিক্ষা খুজি, বহু ককৰ্থনা শুনি কষ্টেৰে পাৰ কৰাৰ পিছত অৱশেষত লাভ কৰে এক বিশেষ সন্মান। সকলোকে দেখুৱাই দিয়ে প্ৰকৃত যুঁজাৰু কি।

পদ্ম সন্মান লাভ কৰাৰ পিছত যেন বুকু ফুলি যায় মাঞ্জামাৰ লগতে দেশৰ সেই সকল লোক যিয়ে অলপ সন্মান পাবৰ বাবে বহু কষ্ট কৰিব লগা হয়। মাঞ্জাম্মাই পদ্ম পদক গ্ৰহণ কৰাৰ লগে লগে হাত চাপৰিৰে মুখৰ হৈ পৰে ৰাষ্ট্ৰপতি ভৱন।

মাঞ্জাম্মাইয়ো পদক লাভ কৰিবলৈ গৈ ৰাষ্ট্ৰপতিৰো এক বিশেষ ভংগিমাত সন্মান প্ৰদান কৰে। এটা সময়ৰ ভিক্ষা খুজি জীৱন পাৰ কৰা মঞ্জাম্মাৰ জন্ম হৈছিল কৰ্নাটকত। জন্মতে পোৱা নাম আছিল মঞ্জু নাথ।

জ্যেষ্ঠ ককায়েকে শৰীৰত কোনো ভুত প্ৰেতে বাস কৰা বুলি খুটাত বান্ধি কৰিছিল অকথ্য নিৰ্যান। প্ৰচণ্ড শক্তিৰে কৰিছিল প্ৰহাৰ। তাৰ পিছতো ভাগি পৰা নাছিল মাঞ্জাম্মা। পিছে যেতিয়া মাতৃয়ে দুখ কৰিছিল পুত্ৰ সন্তান হেৰুৱাই পেলালে বুলি। সেই দুখতে মাঞ্জাম্মাই বিষ পান কৰি আত্মহত্যাৰ চেষ্টা কৰিছিল।

পিছে সেই সকলো দুখ পৰিহাৰ কৰি শেষত জীৱনৰ লক্ষ্য হিচাপে নিৰ্বাচন কৰিছিল এক লোকনৃত্যৰ। যি নৃত্যৰ বাবেই অৱশেষত সমগ্ৰ দেশবাসীৰ সমুখত ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰে পদ্মশ্ৰী বঁটা। সেই লোকনৃত্য বিধ হৈছে- জোগাতী নৃত্য।

আৰু পঢ়ক : চকুৰ সমুখতে দুয়োটি সন্তানক হেৰুৱালে পিতৃ-মাতৃয়ে, সলিল সমাধি ভাতৃ-ভগ্নীৰ