19 C
Guwahati
Monday, December 6, 2021
More

    পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য, উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

    পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য, উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

    ক’ভিডৰ বাবে দীৰ্ঘদিনৰ বিৰতিৰ অন্তত  আজি পৰ্যটনৰ বাবে মুকলি কৰা হয় এশিঙীয়া গডঁৰৰ বিচৰণ ভূমি মায়ঙৰ পবিতৰা অভয়াৰণ্য।

    আজি আনুষ্ঠানিকভাৱে ফিটা কাটি মাংগলিক পূজা-অৰ্চনাৰে পবিতৰা অভয়াৰণ্যৰ দ্বাৰা মুকলি কৰে অসম চৰকাৰৰ মন্ত্রী তথা স্থানীয় বিধায়ক পীযুষ হাজৰিকাই।

    উক্ত অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে উপস্থিত থাকে পত্নী তথা অভিনেত্রী আইনী বৰুৱা, মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, জিলা আৰক্ষী অধীক্ষক অৰ্পনা নটাৰাজন আৰু পবিতৰা অভয়াৰণ্যৰ বন বিষয়া নয়নজোতি দাসকে আদি কৰি বহু সন্মানীয় ব্যক্তি।

    অনুষ্ঠানত উপস্থিত হৈ জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰে পবিতৰা অভয়াৰণ্যৰ মনমোহন দৃশ্য উপভোগ কৰে পীযুষ হাজৰিকাই।

    শেষত মায়ঙৰ পৰ্যটন ক্ষেত্ৰত পবিতৰা অভয়াৰণ্য আৰু অন্যতম পৰ্যটনৰ কেন্দ্র বিন্দু চনকাক পৰ্যটনৰ দিশত বিশ্ববাসীৰ মাজত আৰু এখোজ আগুৱাই নিয়াত সহায় কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

    ইনপুট- ছফিকুল ইছলাম

    আৰু পঢ়ক : ক্ষুধাৰ্ত দেশ! বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান ১০১, পাকিস্তান-বাংলাদেশৰো পিছত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং