28 C
Guwahati
Monday, September 26, 2022
More

    বনকৰা কিশোৰীৰ বিবস্ত্ৰ কৰি মাৰ-পিট কৰিলে ঘৰৰ মালিকে ! কিশোৰীয়ে ললে চৰম সিদ্ধান্ত

    বনকৰা কিশোৰীৰ বিবস্ত্ৰ কৰি মাৰ-পিট কৰিলে ঘৰৰ মালিকে ! কিশোৰীয়ে ললে চৰম সিদ্ধান্ত

    দিল্লীৰ ময়দানগড়ী অঞ্চলৰ পৰা বনকৰা কিশোৰীক নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীক কিশোৰী গৰাকীয়ে দিয়া তথ্য অনুসৰি কিশোৰী গৰাকীয়ে ২ টা বছৰ ধৰি সেই মানুহঘৰত বনকৰা মানুহ হিচাপে নিয়োজিত হৈ আছিল।

    কিন্তু কিছুদিন পূৰ্বে মানুহঘৰত চুৰি হয়। যাৰ ফলত কিশোৰী গৰাকীৰ মালিকনী গৰাকীৰ সোণৰ গহণা নাইকিয়া হয়। তেওঁলোকে ঘৰত কাম কৰা মানুহৰ ওপৰত সন্দেহ কৰি ঘৰলৈ এজন তান্তিকক মাতি আনে ।

    তান্তিক জনে মানুহঘৰত কাম কৰা মানুহ সকলক মুখত চাউল অলপ লবলৈ দিয়ে আৰু কয় যে যিয়ে গহণাবোৰ চুৰি কৰিছে তেওঁৰ মুখ খন ৰঙা হৈ পৰিব।

    কিশোৰী গৰাকীয়ে চাউলখিনি মুখত লোৱাৰ লগে লগে মুখখন ৰঙা হৈ পৰে। আৰু তাৰ পাছতে কিশোৰী গৰাকীক মালিক মালিকনীয়ে টানি নি এটা কোঠাত সোমোৱাই অত্যাচাৰ কৰে।

    তেওঁলোকে কিশোৰী গৰাকীক বিবস্ত্ৰ কৰি মাৰ পিট কৰে। অত্যাচাৰ সহিব নোৱাৰি কিশোৰী গৰাকীয়ে পিছত আত্মহত্যা কৰাৰ বাবে নিগনি মৰা ঔষধ সেৱন কৰে। যাৰ বাবে তেওঁক হাস্পতাললৈ নিব লগা হয়।

    পিছত আৰক্ষীয়ে সকলো কথা জানিব পাৰি কিশোৰী গৰাকীক তেওঁলোকৰ ঘৰৰ পৰা গাঁৱলৈ পঠাই দিয়াৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং