25 C
Guwahati
Wednesday, October 20, 2021
More

    ভয়ংকৰ অগ্নিকাণ্ডৰ কালৰূপ, ৪৬ গৰাকী লোকৰ মৃত্যু, ৭৯ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত

    ভয়ংকৰ অগ্নিকাণ্ডৰ কালৰূপ, ৪৬ গৰাকী লোকৰ মৃত্যু, ৭৯ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত

    ১৩ মহলীয়া এটা অট্টালিকাত অতিকে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। যাৰ ফলত ৪৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে অন্য ১৪ জনকৈ লোকে মৃত্যুৰে যুঁজিছে হাস্পতালৰ বিচনাত।

    ঘটনাস্থলীত ৭৯ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয়। এই অতিকে ভয়ংকৰ ঘটনা সংঘটিত হৈছে টাইৱানৰ কাউশ্বুং চহৰত।

    অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ১৩ মহলীয়া অট্টালিকাটৱেই একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হয়। ৭৯ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেও সেই ভয়ংকৰ জুইৰ লেলিহান শিখা নিয়ন্ত্ৰণ কৰিবলৈ সফল হব নোৱাৰে।

    স্থানীয় লোকে জনোৱা অনুসৰি, সেই অট্টালিকাটোৰ পৰা স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৩ মান বজাত এক প্ৰচণ্ড শব্দ শুনিবলৈ পায়। কিন্তু বৰ্তমানলৈ সেই ভয়ংকৰ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

    ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা মাত্ৰেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ বহু লোকক সুকলমে উদ্ধাৰ কৰে। কিছু সময় পিছতে সম্পূৰ্ণ খালী কৰি দিয়া হয় অট্টালিকাটো।

    উল্লেখ্য যে, ভয়ংকৰ অগ্নিকাণ্ডৰ কবলত পৰা অট্টালিকাটোৰ একেবাৰে তলত ৰেষ্টোৰেণ্ট আৰু চিনেমা ঘৰ আছে। কিন্তু সৌভাগ্যৰ কথা যে, কৰণাৰ বাবে বহুদিন ধৰি ৰেষ্টোৰেণ্ট আৰু চিনেমা ঘৰ বন্ধ হৈ আছে।

    আৰু পঢ়ক : পূজাৰ বতৰতে ৰাজ্যত জঘন্য ঘটনা- ৮ জনীয়া পাষণ্ড দলৰ ধৰ্ষণৰ চেষ্টা দুই যুৱতীক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং