নগ্ন ফটোশ্বুটৰ বাবে চৰ্চালৈ অহা ৰণবীৰ সিঙক আৰক্ষী থানাত হাজিৰ হ’বলৈ নিৰ্দেশ

0
78

নগ্ন ফটোশ্বুট কৰি বিতৰ্কত অহা বলিউদ অভিনেতা ৰণবীৰ সিঙক ২২ আগষ্টত সোধা পোচা কৰা হ’ব। চলিত মাহৰ শেষৰফালে অভিনেতা ৰণবীৰ সিঙক মুম্বাই চেম্বুৰ আৰক্ষী থানাত নগ্ন ফটোশ্বুট সন্দৰ্ভত সোধা পোচাৰ বাবে উপস্থিত হ’বলৈ আহ্বান জনাইছে মুম্বাই আৰক্ষীয়ে।

২২ আগষ্টত হাজিৰ হ’বলৈ আহ্বান জনোৱাৰ নটিচ দিবলৈ অভিনেতাগৰাকীৰ বাসগৃহলৈ গৈছিল মুম্বাই আৰক্ষীৰ এটা দল।

উল্লেখ্য যে মুম্বাইৰ এটা বেচৰকাৰী সংস্থাই দিয়া অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে অভিনেতাজনক সোধা পোচাৰ বাবে থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

যোৱা মাহৰ শেষৰ ফালে পেপাৰ আলোচনীৰ বাবে অভিনেতা গৰাকীয়ে কৰা নগ্ন ফটোশ্বুট ছ’চিয়েল মিডিয়াত খুব ভাইৰেল হৈ পৰিছিল আৰু ইয়ে পিছত দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এই ফটোশ্বুটটো আছিল ৭০ৰ দশকৰ পপ আইকন বাৰ্ট ৰেইনল্ডছৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, যিয়ে ১৯৭২ চনত কচমোপলিটান আলোচনীৰ বাবে নগ্ন শ্বুট কৰিছিল।