
চাওঁতে চাওঁতে কৃষক আন্দোলনে ২০টা দিনত ভৰি দিলেহি। এইবাৰ কেন্দ্ৰৰ কৃষি আইনৰ বিৰুদ্ধে যোগ দিছে কৃষক পৰিয়ালৰ প্ৰায় ২০০০ ৰো অধিক মহিলাই। দেশ.ৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষকৰ সমৰ্থনত ওলাই আহিছে মহিলাসকল।
কৃষক আন্দোলনৰ নেতাই প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলাই এই আন্দোলনত যোগ দিব।তাৰোপৰি ইতিমধ্যে তেওঁলোকৰ বাবেও যাৱতীয় সকলো ব্যৱস্থা কৰি তোলা হৈছে।
এই আইনখন প্ৰত্যাহাৰ কৰিবলৈ বিভিন্ন ৰাজ্যৰ কৃষকসকলে দিল্লীৰ সিংঘু, ঘাজিপুৰ সীমান্তত দুইসপ্তাহ ধৰি আন্দোলন কৰিছে।
Photo Credit: Scroll