30 C
Guwahati
Tuesday, September 20, 2022
More

    মাজুলীত ‘প্ৰসাদ’ গ্ৰহণ কৰি ১৮ জন লোক অসুস্থ, হাস্পতালত ভৰ্তি

    শুকুৰবাৰে সন্ধিয়া অসমৰ মাজুলী জিলাত এক ধৰ্মীয় অনুষ্ঠানত ‘প্ৰসাদ’ গ্ৰহণ কৰি প্ৰায় ১৮ জন লোক অসুস্থ হৈ পৰাৰ খবৰ আহিছে।

    নদীদ্বীপ মাজুলীৰ গড়মূৰৰ সমীপৰ মহাৰিচুক অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

    স্থানীয় লোকে জানিব দিয়া অনুসৰি, ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকি ‘প্ৰসাদ’ গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে বহুতে পেটৰ বিষ আৰু বমি কৰিবলৈ আৰম্ভ কৰে।

    চিকিৎসালয়ত ভৰ্তি কৰা লোকসকলৰ ভিতৰত তিনিজন শিশুও আছিল।

    চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, শুকুৰবাৰে নিশা ১২ জন লোক হাস্পতালত ভৰ্তি হৈছিল আৰু আজি পুৱা ৬ জন লোক পুনৰ ভৰ্তি হোৱাত মুঠ আক্ৰান্তৰ সংখ্যা ১৮ লৈ বৃদ্ধি পায়।

    চিকিৎসাধীন আটাই কেইজন লোক বৰ্তমান সুস্থ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ অমূল্য গোস্বামীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং