কংগ্ৰেছী নেতাৰ পুত্ৰৰ বিয়াত খাদ্য গ্ৰহণ কৰি ১২০০ ৰো অধিক লোক অসুস্থ, হাস্পতালত ভৰ্তি

0
124
কংগ্ৰেছী নেতাৰ পুত্ৰৰ বিয়াত খাদ্য গ্ৰহণ কৰি ১২০০ ৰো অধিক লোক
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুজৰাটৰ মেহছানা জিলাত এজন স্থানীয় কংগ্ৰেছ নেতাৰ পুত্ৰৰ বিয়াত খাদ্য গ্ৰহণ কৰাৰ পিছত ১,২০০ ৰো অধিক লোক অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হোৱা বুলি খবৰ লাভ কৰা গৈছে।

শনিবাৰে ভিচনগৰ গ্ৰাম্য আৰক্ষী থানাৰ এজন বিষয়াই জনোৱা অনুসৰি শুকুৰবাৰে নিশা ভিচনগৰ মহকুমাৰ চাৱালা গাঁৱত এই ঘটনা সংঘটিত হয়।

মেহছানাৰ আৰক্ষী অধীক্ষক পাৰ্থৰাজ সিংহ গোহিলে কয় যে বিয়াখনত খাদ্য খোৱাৰ পিছত ১,২০০ ৰো অধিক লোক অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল।

বিয়াৰ খাদ্য খোৱাৰ পিছতে লোকসকলে বমি আৰু ডায়েৰিয়া ৰোগত ভোগাত তেওঁলোকক ততাতৈয়াকৈ ভিচনগৰ, মেহছানা আৰু ভাড়নগৰৰ বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে কয়।

ইতিমধ্যে বিয়াৰ অভ্যৰ্থনাত ব্যৱহাৰ হোৱা খাদ্যৰ নমুনা ফৰেনচিক বিজ্ঞান গৱেষণাগাৰ আৰু খাদ্য আৰু ঔষধ বিভাগে পৰৱৰ্তী পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে।

ভিচনগৰ গ্ৰাম্য আৰক্ষীয়ে জনোৱা অনুসৰি চাৱালা গাঁৱত এজন স্থানীয় কংগ্ৰেছ নেতাৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত কেইবাজনো লোক উপস্থিত আছিল।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়ক : ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে পাঁচজন লোকৰ মৃত্যু, এজন আহত