25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ফেচবুক-টুইটাৰ সকলো ছচিয়েল মিডিয়াৰ বাবে কাঢ়া নিৰ্দেশনা- কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰিলে সদৰি

    কেন্দ্ৰৰ ফালৰ পৰা ২৫ ফেব্ৰুৱাৰী বৃহস্পতি বাৰে এক নিৰ্দেশনা জাৰি কৰা হয়। সকলো ছচিয়েল মিডিয়াৰ বাবে জাৰি কৰা হয় কিছু নিৰ্দেশনা। ফেচবুক -টুইটাৰ হওঁক বা এমাজন-নেটফ্লিক্স সকলো অনলাইন ছচিয়েল মিডিয়া আৰু অটিটি প্লেটফৰ্মৰ ছাইট এতিয়াৰ পৰা হ’ব বহু কাঢ়া।

    কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকৰ আৰু ৰবিশংকৰ প্ৰশাদে এক সংবাদ মেলৰ আয়োজন কৰি এই নিৰ্দেশনাৰ বিষয়ে জ্ঞাত কৰায়।

    জাৰি কৰা গাইডলাইন বা নিৰ্দেশনা অনুসৰি যি কোনো লিখনি দিব নোৱাৰিব ছচিয়েল মিডিয়াত। পূৰ্বে কেৱল ফটো তথা ভিডিঅৰ ক্ষেত্ৰত এই নিয়ম আছিল। এতিয়াৰ পৰা লিখনিৰ ওপৰতো এই নিয়ম জাৰি কৰা হৈছে।

    যদি কোনো আপত্তি জনক লিখনি ছচিয়েল মিডিয়াত দিয়া হয় আৰু তাৰ ওপৰত কোনোৱে অভিযোগ তোলে তেন্তে লগে লগে সেই লিখনি সেই ছাইটটোৰ পৰা মছি পেলাব লাগিব। অন্যথা আইন মতে দণ্ডনীয় হব।

    লগতে কয় যে, সকলো ছচিয়েল মিডিয়াই ব্যৱসায় কৰিব পাৰে ভাৰতত। কিন্তু ভাৰতত ইয়াৰ ব্যৱহাৰকাৰী ইমানেই অধিক যে, সকলো সময়তে ইয়াৰ ভুল ব্যৱহাৰ হোৱাৰ শংকাই দেখা দিয়ে। যাৰ বাবেই এই নিৰ্দেশনা জাৰি কৰা হৈছে।

    ভাৰতত বৰ্তমানে ৫৩ কোটি হোৱাটছ এপ ব্যৱহাৰকাৰী, ৪০ কোটি ফেচবুক ব্যৱহাৰকাৰী আৰু ১ কোটি টুইটাৰ ব্যৱহাৰকাৰী আছে। সেয়ে ইয়াৰ ওপৰত নিয়ন্ত্ৰণ ৰখাতো অতি প্ৰয়োজনীয় হৈ পৰিছে।

    এই সংবাদমেলতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াৰে পৰা প্ৰতি তিনিমাহৰ অন্তৰালত প্ৰতিটো ছচিয়েল মিডিয়া ছাইটৰ অধিকাৰীয়ে ইয়াৰ ওপৰত একোখনকৈ ৰিপোৰ্ট দাখিল কৰিব লাগিব । লগতে ব্যৱহাৰকাৰীয়ে নিজে কোনো লিখনি মছিব নিবিচাৰিলে কোম্পানীৰ ফালৰ পৰা নিজাববিয়াকৈ ২৪ ঘণ্টাৰ ভিতৰতে সেই লিখনি নাইকিয়া কৰিব লাগিব।

    আৰু পঢ়ক : অসমৰ ২ যুৱকক ৪ দিন ধৰি হাত-ভৰি বান্ধি অকথ্য নিৰ্যাতন অৰুণাচলী লোকৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং