ইয়াকে কয় ভাগ্য- অৰ্ডাৰ কৰিছিল iphone13, লাভ কৰিলে iphone14

0
266

ইয়াকে কয় ভাগ্য- অৰ্ডাৰ কৰিছিল iphone13, লাভ কৰিলে iphone14.

আজিকালি বজাৰ কৰাটো অতি সহজ হৈ পৰিছে। আমি ঘৰত বহি অনলাইন বজাৰ কৰো। বহুসময়ত আমি ইয়াৰ বাবে ঠগ খাব লগীয়াও হয়। কিয়নো কেতিয়াবা অৰ্ডাৰ কৰা সামগ্ৰীৰ সলনি শিল-ইটা আদি নাইবা কোনো বেয়া সামগ্ৰী লাভ কৰে।

যাৰ ওপৰত প্ৰায়ে বাতৰিও লাভ কৰা যায়। পাছে এজন ব্যক্তিৰ সৈতে এনেকুৱা এক ঘটনা ঘটিছে, যি সামগ্ৰী লাভ কৰি অতিকে লাভবান হৈ পৰিছে।

পূজা অফাৰৰ অনলাইন বিক্ৰীৰ সুবিধা লৈ দেশৰে এজন ব্যক্তিয়ে আইফোন ১৩ অৰ্ডাৰ কৰিছিল। যেতিয়া সেই অৰ্ডাৰ আহি পোৱাত পেকেট খোলে চাই দেখি সকলো আচৰিত।

কিয়নো লোকগৰাকীয়ে আইফোন ১৩ ৰ সলনি আইফোন ১৪ পাইছিল। মানুহজনে টুইটাৰত এই বিষয়ে সদৰি কৰি এক পোষ্টটো লিখিছিল। যি টুইট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।