আডনান আশ্ৰফ
খন্তেক সময়ৰ অসাৱধানতাই জীৱনলৈ কঢ়িয়াই আনিব পাৰে অমানিশা। সাময়িক সুখৰ সন্ধানতে হয়তো হেৰাই যাব পাৰে জীৱনৰ দুৰ্লভ কিছু অংশ। নৱ পৰিচালক মৃণাল ডেকাৰ চুটি ছবি -‘মঙহ দহাৰ গোন্ধ’ত সেই বাস্তৱ সত্যকে প্ৰকাশ কৰাৰ চেষ্টা কৰা হৈছে।
মানস চাগ্ৰাৰ কাহিনী আৰু চিত্ৰনাট্যত গাঁৱৰ এগৰাকী মাতৃৰ এক হাবিয়াসৰ পৰিণতি কেনে নেতিবাচক হ’ব পাৰে বা কিছু সময়ৰ অসৱধানতাই কেনে বিপদ মাতি আনিব পাৰে তাকেই দেখুওৱা হৈছে। ছবিখনত অসমীয়া গাঁৱৰ (এতিয়া ক্ৰমাৎ হেৰাই যোৱা) এটা পৰিৱেশৰ সাম্যক উমান পোৱা যায়। গাঁৱৰ বা সাধাৰণ মানুহৰ এগৰাকী অকলশৰীয়া মাতৃ (single mother)ৰ প্ৰতি মনোভাৱ তথা গাঁৱৰ তিনিআলিৰ আড্ডা, গাঁৱৰ মানুহৰ মাজতে কোনো বস্তু কিনা বেচা আদি ৰীতি নীতিৰ উমানো ছবিখনত দাঙি ধৰা হৈছে।
নতুন পৰিচালক হিচাপে মৃণাল ডেকাই যথেষ্ট প্ৰশংসনীয় কাম কৰিছে। কেমেৰাৰ এংগ’ল, এটি নাবালকৰ পৰা অভিনয় আদায় কৰিব পৰাটোৱে পৰিচালক হিচাপে তেওঁৰ পৰিপক্কতাক দাঙি ধৰে। ছবিখনৰ ইণ্ড’ৰ দৃশ্য সমূহত পোহৰৰ কামো সুন্দৰকৈ কৰা হৈছে, যাৰ ফলত চৰিত্ৰই পৰ্দাত কৰি থকা কামখিনি স্পষ্টৰূপত প্ৰকাশ পাইছে।
ইয়াৰোপৰি দেৱজিত গায়নৰ চাউণ্ড ডিজাইনিঙে ছবিখনক জীৱন্ত ৰূপ দিছে। তথাপিও ছবিখনৰ মধ্যাংশৰ কেইটামান দৃশ্যত বাঁহীৰ প্ৰয়োগ অপ্ৰয়োজনীয় যেন লাগে। অভিনয়ৰ ক্ষেত্ৰত কণমানি আদভিকৰ অভিনয় ছবিখনৰ আটাইতকৈ আকৰ্ষণীয় বিষয়। এনে এজন শিশুৰ পৰা পৰিচালকে মনে বিচৰা ধৰণেই অভিনয় আদায় কৰিব পৰাটো সঁচাই প্ৰশংসনীয়।
মূল চৰিত্ৰত প্ৰণামী বৰাৰ অভিনয়ো অতি উত্তম। এগৰাকী দৰিদ্ৰ ছিংগল মাদাৰৰ (মাতৃৰ) যন্ত্ৰণা, তেওঁৰ দায়িত্ব, তেওঁৰ হাবিয়াস সকলোখিনি প্ৰণামী বৰাই নিখুঁতভাৱে ফুটাই তুলিছে। ইয়াৰ লগতে আড্ৰিতিয়েও যথেষ্ট ভাল অভিনয় কৰিছে যদিও তেওঁৰ অভিনয়ত নাটকীয় অভিনয়ৰ ঠাঁচ এটা অনুভৱ কৰিব পৰা যায়। মুঠতে অসমীয়া স্বাধীন চলচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যি নতুন ধাৰাৰ সৃষ্টি হৈছে; তাত মৃণাল ডেকাৰ ‘মঙহ দহাৰ গোন্ধ’ই এক ধনাত্মক যোগদান দিব।
(আডনান আশ্ৰফে ‘মঙহ দহাৰ গোন্ধ’ৰ ওপৰত লিখা উক্ত পৰ্য্যালোচনাত উল্লেখ কৰা মতামত লেখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। লেখকৰ সৈতে মেইলযোগে ([email protected]) সংযোগ স্থাপন কৰিব পাৰিব।)