26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সেন্দুৰ কিয় ব্যৱহাৰ কৰিব লাগে বা নালাগে..

    সেন্দুৰ কিয় ব্যৱহাৰ কৰিব লাগে বা নালাগে..

    সেন্দুৰ কি, কিয় কোনে ব্যৱাহৰ কৰে সেই বিষয়ে হয়তো নতুনকৈ কব লগা নাই। পিছে ইয়াৰ পিছত থকা পৌৰাণিক কথা কিছুমান আছে যি যদিও বৰ্তমান সময়ত পুৰণি চিন্তাধাৰা বুলি ধৰা হয়, ইয়াৰ পিছত কিন্তু আছে কিছু গভীৰ উদ্দেশ্য হে।

    বৈজ্ঞানিক কাৰণ মতে, সেন্দুৰত পাৰা অধিক থাকে । পুৰুষতকৈ নাৰীৰ ব্ৰহ্মাৰন্ধ অধিক সংবেদনশীল আৰু কোমল। সেন্দুৰ কপালৰ মাজভাগৰ অংশত লগোৱাৰ ফলত মূৰৰ বিষ, অনিদ্ৰা আৰু মস্তিষ্কৰ আন ৰোগ সমূহ নিয়ন্ত্ৰণ কৰিব পাৰি। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে।

    আনহাতে, খং নিয়ন্ত্ৰনতো সহায়ত সেন্দুৰ। মানুহৰ মূৰত সূৰ্যগ্ৰন্থি নামৰ এক গ্ৰন্থি থাকে , যিয়ে মানুহৰ খং উঠা বা শান্ত থকাটো নিৰ্ণয় কৰে । সূৰ্য গ্ৰন্থি গৰম হলে খং উঠে আৰু ঠাণ্ডা থাকিলে মানুহো শান্ত হৈ থাকে । সেয়ে সেন্দুৰত থকা পাৰাই মহিলাৰ খং বহুখিনি কমাই ৰাখে।

    পিছে সেন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক প্ৰচলিত কথা আছে যে, হিন্দু বিবাহিত নাৰীয়ে পূৰ্বতে সেন্দুৰ লোৱাত বাধ্যবাধকতা নাছিল । নাৰীতকৈ পুৰুষেহে তিলক বেছিকৈ ব্যৱহাৰ কৰিছিল । কপালৰ সোঁমাজত থকা বিন্দুটোত হেচা পৰিলে মগজু সক্ৰিয় হয় বাবে ফোঁট ব্যৱহাৰ কৰা হয় । সেন্দুৰতকৈ চন্দনৰ ব্যৱহাৰ বেছি হৈছিল ।

    কিন্তু পাছলৈ মোগলে আক্ৰমণ কৰি জাকে জাকে হিন্দু বোৱাৰীৰ সতীত্ব নষ্ট কৰা দেখি মহিলাবোৰে কপালত গাহৰিৰ তেজেৰে ফোঁট লোৱাটো বহুলভাৱে আৰম্ভ কৰে যাতে ঘৃণাতে তেওঁলোকলৈ চকু নিদিয়াকৈ থাকে । পিছে সদায় তেজৰ যোগাৰ কৰা সম্ভৱ নহৈছিল । সেয়ে টিকটিকিয়া উজ্জ্বল তেজৰ দৰে ৰঙা আয়ুৰ্বেদিক ঔষধ সেন্দুৰৰ লগত তেল মিলাই লগাই মোগলক বুৰ্বক বনাৱলৈ ব্যৱহাৰ কৰিছিল।

    আধুনিক যুগত বৰ্তমান নাৰীয়ে এই প্ৰথাক কূ- সংস্কাৰ অথবা পুৰুষ প্ৰধান সমাজত নাৰীক দমন কৰি ৰখাৰ প্ৰচেষ্টা বুলি কয়। পিছে ইয়াৰ পিছত নিহিত আছে কিছু মান্যতাহে। সেয়ে সেন্দুৰ লোৱা নোলোৱাতো এগৰাকী মহিলাৰ নিজা ব্যক্তিগত কথা। ইয়াৰ ওপৰত কোনেও কোনো প্ৰকাৰৰ জোৰ দিব নোৱাৰে।

    আৰু পঢ়ক : সাংসদ তপন কুমাৰ গগৈৰ মহানুভৱতা, অতি শীঘ্ৰেই ঘৰলৈ উভতিব শিৱসাগৰৰ ঋতুমণি, সুস্থ হৈ উঠিছে ক্ৰমাৎ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং