নমস্কাৰ , মই ধৰ্ষিতাই কৈছো…
নমস্কাৰ , মই ধৰ্ষিতাই কৈছো….মই অপৰাধী! আপোনালোকেই সজাইছে মোক অপৰাধী। কিয়নো মোক ধৰ্ষণ কৰা হল। কিন্তু মোৰ অপৰাধ কি আছিল?
কেৱল ধৰ্ষণেই নহয়.. বাটে পথে ওলালেই দেখোন বহুতো হাত, বহুতো চকুই খেদি ফুৰে মোক। কিয় ? মোৰ ওচৰত উপভোগৰ শৰীৰ এটা আছে নেকি। খোজ কাঢ়োতে, বাছত বহিলে..বিভিন্ন ঠাইত, বিভিন্ন সময়ত। আনকি মন্দিৰ মছজিদ গীৰ্জাঘৰতো মোৰ শৰীৰত চকুৰে ধৰ্ষণৰ চেষ্টা চলাই। সকলো সময়তে মই ধৰ্ষিত হও কাৰোবাৰ নহয় কাৰোবাৰ ওচৰত।
বেটি বচাও, বেটি পঢ়াও, লৰাতকৈ ছোৱালী কম নহয় আদি শ্লোগান থকা পিছতো ছোৱালী সুৰক্ষিত নহয় আজিৰ দিনত। জন্মৰ পৰা বৃদ্ধ অৱস্থাৰ মৃত্যুলৈ সুৰক্ষিত নহয় এগৰাকী ছোৱালী বা এগৰাকী মহিলা। লিংগ সেয়া বুজাৰ আগতেই, আইতাকৰ দৰে এগৰাকী মহিলাকো ধৰ্ষণ কৰা হয় এইখন দেশত।
তেন্তে অপৰাধ কাৰ!
ধৰ্ষণ কৰা নে এজনী ছোৱালী হৈ জন্ম লৈ ধৰ্ষণৰ বলি হোৱা। অন্য দেশত বহু শাস্তি বিধান আছে ধৰ্ষণ কাণ্ডৰ যাৰ বাবে এনে অপৰাধ আমাৰ দেশৰ তুলনাত বহু কম। কিন্তু এইখন দেশত…
সেয়ে আজি কালি প্ৰায় যুৱতীৰ মুখত এক সাধাৰণ কথা হৈ পৰিছে অপৰাধৰ পিছৰ প্ৰকৃত সজ্ঞা বিচাৰি। সকলোৰে মুখত এটাই কথা অপৰাধ, এক ডাঙৰ অপৰাধ। ধৰ্ষণ কৰি হত্যা কৰাটো নহয় ছোৱালী জন্ম দিয়াটোহে ডাঙৰ অপৰাধ।
ভাৰতৰ দৰে এখন দেশত ধৰ্ষণ কৰাটো একেবাৰে সামান্য কথা। শাস্তি হিচাপেও লাভ হে হয়, জেলৰ নামত পায় বিনামূলীয়াকৈ জীৱন ভৰ খাদ্য আৰু মুৰৰ ওপৰত এখন ছাঁদ।
কোনো কোনো লোকৰটো মানসিকতাই বহু উন্নত, সহায় কৰা দূৰৰ কথা, ওলোতাই সেই ছোৱালীৰ ওপৰত মন্তব্য,- এহঃ আমাৰ ঘৰৰ ছোৱালী নহয় বা কাপোৰ পিন্ধাৰ ঢং ছোৱা।
তেন্তে জন্মৰ পিছতে বা নেপকিন পিন্ধি থকা নাঙঠ শব্দ আৰু লৰা ছোৱালীৰ অৰ্থ বুজি নোপোৱা কন্যা শিশুহতঁৰ দোষ কত? বাটেৰে গৈ থকা সাধাৰণ ছুৰিদাৰ কামিজ পিন্ধা যুৱতী গৰাকীৰে বাৰু দোষ কত?
নিজ গৃহতেই সুৰক্ষিত নহয় আজিৰ কন্যা শিশু, নিকট আত্মীয় তথা কেতিয়াবা নিজ পিতৃৰ হাততেই ধৰ্ষিত হ’ব লগা হৈছে অবুজ কন্যা সকল। এনে বহু ঘটনা পোহৰলৈ আহিছে যে, নিজ মাতৃয়েই লুকুৱাই থয় পিতৃ অথবা ভাতৃয়ে প্ৰত্যেক নিশাই যে পুত্ৰীৰ দেহ উপভোগ কৰে।
হৰিণাৰ মাংসই বৈৰী হোৱাৰ দৰে নিজৰ শৰীৰটো লৈয়ে সুৰক্ষীত নহয় কন্যা শিশু সকল। দিল্লীৰ নিৰ্ভয়া, কঠুৱাৰ আচিফা, আলিগড়াৰ টুইংকল, হাথৰছৰ বাল্মিকি পৰিয়ালৰ যুৱতীৰ দৰে দেশৰ আন বহুতো।
কেতিয়াবা যদি নগাঁওৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী কেতিয়াবা কাৰ্বি আংলঙৰ ৫ বছৰীয়া শিশু। কৰিমগঞ্জতো দুই ভগ্নীক অকলে পাই ৰাক্ষসৰ দলটোৱে সৰ্বস্ব আজুৰিলে।
তেন্তে ৰক্ষক কোন?
দেশৰ আইনত সঠিক শাস্তিয়েই নাই নেকি সেই কৰ্মকাণ্ড কৰা সকলৰ বাবে.. ভুক্তভোগীক ন্যায় লাগে। চিঞৰি ভাগি পৰা কণ্ঠবোৰে পুনৰ শক্তি সঞ্চয় কৰি চিঞৰি কয় ন্যায় লাগে। কেৱল ফাঁচি বা যাৱজ্জীৱন কাৰদণ্ড লাভতো দেখোন বহু পলম হৈ পৰে।
তেন্তে শাস্তিৰ নিম্ন মাপকাঠিৰ বাবেই দিনে দিনে বাঢ়ি গৈছে নেকি এনে নিৰ্লজ ভয়াবহ কাণ্ড। নতুন আইন প্ৰণয়ন কৰিব নোৱাৰিনে …সকলো কন্যা, ছোৱালী, যুৱতী, মহিলা, বৃদ্ধাৰ আহ্বান শুনিবনে ন্যায় দান কৰোতাই!
তাতোকৈয়ো ডাঙৰ কথা সজাগতা। এদিন দুদিনৰ নহয় স্থায়ী সজাগতা। দেশৰ জনসাধাৰণৰ মাজত সেইটোৰেই অভাৱ। কঠুৱা কাণ্ড পাহৰণি, কিছুদিন পিছত টুইংকল পাহৰণি আৰু এতিয়া হাথৰছৰ বাল্মীকি পৰিয়ালৰ দলিত যুৱতী সকলোৰে পাহৰণি।
কেৱল মমবাতি লৈ সমদল উলিয়ালেই ন্যায় পায়নে! দুদিনৰ চিঞৰেও ন্যায় দিয়েনে ভুক্তভোগীক! কেৱল নিজ পত্নী, ভগ্নী, জীয়ৰীয়েই প্ৰধান নেকি.. সকলোৰে বাবে সমানে ঠিয় দিলে হে ক্ষীপ্ৰতৰ হৈ উঠিব নেকি ন্যায় ব্যৱস্থা।
সকলো পাহৰণিৰ গৰ্ভত যোৱাৰ আগতেই, পুণৰ আন এটি শিশু বা গাভৰুৰ নিথৰ দেহ পোৱাৰ আগতেই মাত দিব লাগিব সকলোৱে। সলাব লাগিব মানসিকতা। তেহে যদি এগৰাকী হলেও ৰক্ষা পৰিব কন্যা, নাৰী।
আৰু পঢ়ক : শুই থাকোতেই স্বামীয়ে সন্তানৰ সমুখতেই হানিখুচি হত্যা কৰিলে পত্নীক