ক’ভিড ১৯ আৰু অসমৰ শিক্ষা ব্যৱস্থা: চিন্তনীয় বিষয়
প্ৰীতি শৰ্মা বৰুৱা
সমগ্ৰ বিশ্বজুৰি অব্যাহত থকা কৰ’ণা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা অনাহক পৰিস্থিতি সম্পৰ্কে বাখ্যাৰ অৱশ্যেই প্ৰয়োজন নাই। ভাৰতত ২.৯৮ কোটি অৰ্থাৎ প্ৰায় ৩ কোটি ইয়াৰে অসমত ৪.৭৩ লাখ ৰোগীয়ে ক’ভিড লগত যুঁজি আছে। ৩ লাখৰো ওপৰ লোকৰ ভাৰতত বৰ্তমানলৈকে মৃত্যু হৈছে। ইয়াৰ প্ৰতিৰোধ হিচাপে যিহেতু সামাজিক দূৰত্বকে চিহ্নিত কৰা হৈছে সেয়ে দেশত প্ৰায় ৰাজ্যত লকডাউন আৰু সান্ধ্য আইন ঘোষণা কৰি প্ৰতিৰোধ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে।
বৰ্তমান পৰিস্থিতিৰ আৰু শিক্ষা ব্যৱস্থাত মনত আহি থকা কিছু চিন্তা : পৰিস্থিতি আৰু লকডাউনৰ বাবে শিক্ষা ব্যৱস্থা অথবা শিক্ষানুষ্ঠান, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল মুঠেও প্ৰস্তুত নাছিল। শিক্ষানুষ্ঠান বন্ধ কৰি দিয়াত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল ঘৰতে আবদ্ধ হৈ পৰিছে ফলত শিক্ষাখণ্ডৰ শিক্ষন আৰু শিকন প্ৰক্ৰিয়া স্থবিৰ হৈ পৰাৰ লগতে উচ্চ শিক্ষানুষ্ঠান, নতুন নামভৰ্তি, পৰীক্ষা, শৈক্ষিক দিনপঞ্জী, শিক্ষাবৰ্ষ আদিত ব্যাপক অনিশ্চয়তা সৃষ্টি হৈছে।
চৰকাৰৰ আদেশ মৰ্মে অনলাইন পাঠদান চলি থকা হৈছে। যাতে এই কৰ’ণাই ছাত্ৰ ছাত্ৰীৰ জীৱনত ক্ষতি নকৰে। কিন্তু দেখা যায় ৰাজ্যৰ কিছু অঞ্চলৰ নেটৱৰ্কৰ সমস্যাৰ বাবে অনলাইন পাঠদান লাভৱান হব পৰা নাই। বহু অঞ্চলত বা বহু পৰিয়ালত পিতৃ মাতৃয়ে যেনে তেনে দিন হাজিৰা কৰি দুবেলা দুমুঠি উলিয়াই তেওঁলোকৰ সন্তানে অনলাইন ক্লাছৰ বাবে মবাইল ফোন যোগাৰ কৰা এক প্ৰকাৰ চিন্তনীয় কথা।
অন্যহাতে দেখা যায় ৫ বছৰ বয়সৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লৈকে সকলোৱে অনলাইনৰ ক্লাছত ব্যস্ত আছে, যাৰ ফলত বিশেষকৈ কন কন শিশুহঁতৰ মোবাইলত পঢ়াৰ ফলত চকুৰ দৃষ্টি শক্তিত প্ৰভাৱ পৰিছে। যি অভিভাৱক সকলৰ বাবে এক চিন্তনীয় বিষয়। ইয়াৰ লগতে অনলাইন পৰীক্ষা পদ্ধতি নিখুঁত হোৱাৰ পৰা বহু যোজন আঁতৰত।
বৰ্তমানে দ্বাদশ – একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল সিদ্ধান্তইহে এতিয়া ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক কিছু ক্ষতি কৰিব। শিক্ষা জীৱনৰ প্ৰধান দুটা দেওনাই এতিয়া বাতিল হোৱাত আশাহতো হৈছে ছাত্ৰ ছাত্ৰী, লগতে সপোনবোৰো অন্ধকাৰ হৈ পৰিছে। বহু শিক্ষাৰ্থীয়ে টেষ্ট পৰীক্ষাৰ পিছৰ পৰাহে ভালদৰে পঢ়ি শুনি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়, এতিয়া সেই সকলৰ কষ্ট সকলো অথলে যোৱাৰ লগতে পৰীক্ষা মূল্যায়ন কমিটিয়ে যি নম্বৰ দিয়ে তাতেই সন্তুষ্ট হব লাগিব।
উত্তীৰ্ণ হোৱাৰ পিছৰছোৱাও এক গভীৰ চিন্তনীয় বিষয়। কত নামভৰ্তি হব, কেনেকৈ হব, কি পঢ়িব আদি। সময়ত নিৰ্বাচন পতাতকৈ পৰীক্ষা অনুষ্ঠিত কৰিলে হয়তো এনে ধৰণৰ কোনো সমস্যাই দেখা নিদিলে হেতেন। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ চিন্তা কৰিবলগীয়া নহল হেতেন। এতিয়া কেৱল নতুন চৰকাৰৰ ওপৰত বিশ্বাস আৰু শেষ ভৰশা সকলো শিক্ষাৰ্থীৰ। ছাত্ৰ ছাত্ৰীৰ জীৱন আৰু শিক্ষাৰ মানদণ্ডৰ প্ৰতি চৰকাৰে এই ক্ষেত্ৰত নিশ্চয় এক ভাল তথা সঠিক চিন্তা কৰিব।
( প্ৰীতি শৰ্মা বৰুৱা এগৰাকী ছাত্ৰী, প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লেখিকাৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )
আৰু পঢ়ক : পুনৰ লজ্জিত অসম, ঘৰুৱা শিক্ষকৰ কামনাৰ বলি ৯বছৰীয়া শিশু