26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সংসাৰত নাৰীৰ বৈশিষ্ট

    উৰ্ৱশী তালুকদাৰ– সংসাৰত নাৰীৰ বৈশিষ্ট

    সংসাৰখন নাৰী আৰু পুৰুষ লৈয়ে গঠিত। সৃষ্টিত দুয়ো দুটা সুকীয়া বৈশিষ্টৰ অধিকাৰী। এখন সংসাৰ কৰিবলৈ নাৰী পুৰুষ দুয়োজনৰে সমান প্ৰয়োজনীয়তা। এই ক্ষেত্ৰত নাৰীয়ে সৃজনশীলতাৰ কাম কৰে। এটা আনটোৰ পৰিপুৰক। নাৰীৰ বৈশিষ্ট ত আছে আঠটা নীতি- এইবোৰ হ’ল -নিষ্ঠা, ধৰ্ম, শুশ্ৰুষা, সেৱা , সাহায্য, সংৰক্ষণ, প্ৰেৰণা আৰু প্ৰজনন। জন্মগতভাৱেই এগৰাকী নাৰীয়ে লাভ কৰে এই কেইটা গুণ। পুৰণিকালতো নাৰীয়ে সংসাৰ ধৰ্মৰ লগতে এই গুণ বোৰৰ তাৎপৰ্য দেখুৱাই থৈ গৈছে। সতী জয়মতী, সীতা, সাবিত্ৰী, দময়ন্তী, বেউলাৰ নাম এই ক্ষেত্ৰত লব পাৰি উদাহৰণ স্বৰূপে।

    মানৱ কল্যাণৰ কোনো সুস্থ পৰিকল্পনা কৰিবলৈ হ’লে সৰ্বাগ্ৰে নাৰীকেই তেওঁলোকৰ মাজত গৌৰৱৰ আসনত অধিষ্ঠিত কৰিব লাগিব। তেনেকৈ মানৱ সমাজেও নিজৰ অস্তিত্বৰ অক্ষমতা আৰু উৰ্ধনৰ বাবে একান্ত নিৰ্ভৰ কৰিব লাগিব মাতৃ জাতিৰ ওপৰত। কাৰণ নাৰীয়ে হ’ল মানৱ ধাত্ৰী,পাত্ৰী, নেত্ৰী জনয়িত্ৰী আৰু প্ৰসৱিত্ৰী । এই নাৰী জাতি যিমানেই আদৰ্শ কেন্দ্ৰীক হৈ উঠিব সিমানেই জগত ধন্য হৈ উঠিব।।

    ফুলনিত ফুলি থকা এপাহ ফুলে গোটেই ফুলনিখনকে সজাই তোলে৷ এপাহ ফুলৰ সুগন্ধ আছে, ৰং আছে, আছে আকর্ষণীয় গুণ৷ সেইবাবেই ফুল সকলোৰে আদৰৰ, মৰমৰ৷ জকমককৈ ফুলি থকা ফুল এপাহ ছিঙি নষ্ট কৰিবলৈ কাৰো সৎ নাযায়৷ ফুলৰ কমনীয়তা গুণ নাৰীৰ মাজতো বিদ্যমান৷ সেয়ে নাৰীক এপাহ ফুলৰ সৈতে তুলনা কৰা হয়৷ কিন্তু নাৰীৰ মাজত এনে গুণো লুকাই আছে যে প্রয়োজন মতে নাৰী ফুলতকৈও কোমল আৰু বজ্রতকৈও কঠিন হ’ব পাৰে৷

    আনহাতে এগৰাকী নাৰীৰ দৈহিক অসুস্থতা মানেই, ই হ’ল সামাজিক আৰু পাৰিবাৰিক অসুস্থতা৷ এই অসুস্থতা দূৰ কৰিবলৈ নাৰীসকলে আহৰণ কৰিব লাগিব প্রকৃত জ্ঞান৷

    সেয়ে সকলো নাৰীয়ে নিজৰ ভিতৰৰ কুসংস্কাৰ ত্যাগ কৰি জ্ঞানৰ আলোক লৈ মানুহক আকৰ্ষণ কৰি আনিব লাগিব। শ্ৰীমন্ত শংকৰ দেৱে এই ক্ষেত্ৰত কৈ গৈছিল- “কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম.. জানিয়া সবাকো পৰি কৰিবা প্ৰণাম৷৷”

    (উৰ্ৱশী তালুকদাৰ, কোকৰাঝাৰ স্থিত চন্দ্ৰপাৰা এম ভি স্কুলৰ হিন্দী বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী, প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )

    আৰু পঢ়ক : ছেলফী উঠাৰ চখ, ৰে’লৱে লাইনৰ সমীপত ছেলফী উঠিবলৈ গৈ একেলগে প্ৰাণ হেৰুৱালে দুই ভাতৃয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং