26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    লকডাউন, ভ্ৰাম্যমাণ আৰু আমাৰ জীয়াই থকাৰ প্ৰশ্ন

    ভূপেন্দ্ৰ কুমাৰ গোস্বামী – লকডাউন, ভ্ৰাম্যমাণ আৰু আমাৰ জীয়াই থকাৰ প্ৰশ্ন

    লকডাউন, ভ্ৰাম্যমাণ আৰু আমাৰ জীয়াই থকাৰ প্ৰশ্ন – যাত্ৰাপাৰ্টীৰে আৰম্ভ হোৱা ভ্ৰাম্যমাণ থিয়েটাৰ হৈছে অসমৰ গৌৰৱ। বিশ্বত বিৰল ই এক শিল্প কলা। অসমৰ সাংস্কৃতিক জগত খনৰ এক অবিচ্ছেদ্য অংগ এই ভ্ৰাম্যমাণ থিয়েটাৰ সমূহ। ইয়াৰ লগত জড়িত আছে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ বৃহৎ জনগণ।

    ৰাজ্যখনত বহু সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰ দল আছে। এই শিল্পৰ মূল উপাদান হৈছে মানুহ। প্ৰতিটো থিয়েটাৰ দলত এশৰ পৰা প্ৰায় দুশলৈ শিল্পী তথা কলা-কুশলী জড়িত হৈ থাকে। আৰু ইয়াৰ লগতে জড়িত হৈ থাকে সেইসকল লোকৰ ভাত-কাপোৰৰ প্ৰশ্ন। কেৱল সেই শিল্পীয়েই নহয়, সেই লোকগৰাকীৰ পৰিয়ালৰো পেটৰ কথা আহি পৰে এই থিয়েটাৰৰ ওপৰতে।

    পিছে এই থিয়েটাৰ দল সমূহ আজি কভিড ১৯-মহামাৰীৰ কবলত পৰি ধ্বংসস্তুপত পৰিণত হোৱাৰ উপক্ৰম হৈছে। শিল্পী কলাকুশলীৰ খাদ্যবস্ত্ৰৰ সংকটে দেখা দিছে। সংস্থাপনৰ প্ৰশ্নই মহামাৰীৰ মৃত্যু ভয়কো পৰিহাৰ কৰি তেওঁলোকৰ মনৰ মাজত বিভিষিকাৰ সৃষ্টি কৰিছে। মানসিক চাপ সহ্য কৰিব নোৱাৰা অৱস্থা হৈছে।

    থিয়েটাৰকেই পেচা হিচাপে গ্ৰহণ কৰি লোৱা এচাম শিল্পীয়ে ভৱিষ্যতৰ কথাটো বাদেই বৰ্তমানে জীয়াই থকাৰ বাবেও সংগ্ৰাম কৰিব লগাত পৰিছে। নিজৰ লগতে সমুখত দেখা দিছে পৰিয়ালৰ অন্য সদস্যৰো খালী পেট। কান্দি থকা মুখ। চাব কি, চাই থাকিবই পাৰি জানো।

    লকডাউনত গৃহবন্দী হৈ প্ৰতি মুহুৰ্তে তিল তিল কৈ ধ্বংস হ’বলৈ ধৰা শিল্পী সুলভ মনটোক ভৱিষ্যতৰ ভয়াবহতাই অমানিশাৰ দৰে আৱৰি ধৰিছে। প্ৰতিদিনেই প্ৰকাশ পোৱা ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ লগতে বৈদ্যুতিন মাধ্যম, ছপা মাধ্যম আদিত প্ৰকাশ পোৱা শংকিত তথা বিষাদ গ্ৰস্ততাই আগুৰি ধৰা শিল্পীৰ মুখবোৰ দেখি এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰ চাই আনন্দ উপভোগ কৰা লোক লগতে ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ গৌৰৱ বুলি অনুভৱ কৰা ৰাজ্যখনৰ অসংখ্য কলা-সংস্কৃতি প্ৰেমিক ভবাই তুলিছে। ভৱিষ্যত কোন দিশে !

    ভ্ৰাম্যমাণৰ নৱপ্ৰজন্মৰ চিন্তাই ব্যথিত কৰি তুলিছে। লগে লগে মনত বিষাদ অনুভৱ কৰিছে এই থিয়েটাৰ সমূহৰ লগত জড়িত ৰাজ্যখনৰ বহু কেইবা হাজাৰো থলুৱা কলা কুশলীৰ জীয়াই থকাৰ পথৰ চিন্তাত।

    ( লেখক ভূপেন্দ্ৰ কুমাৰ গোস্বামী এগৰাকী নাট্যকাৰ আৰু লেখক, প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )

    আৰু পঢ়ক :  প্ৰায় ২৫ বছৰৰ পিছত উত্তৰ-পূবৰ এইখন ৰাজ্যই লাভ কৰিছে এগৰাকী অলিম্পিক প্ৰতিযোগী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং