জাকিৰ হুছেইন শিকদাৰ, বিধায়ক, সৰুক্ষেত্ৰী

যেতিয়া সৰু আছিলো তেতিয়া দেউতাৰ মুখৰ পৰা শুনিছিলোঁ তেখেতৰ কথা। যেতিয়া এনএছইউআই, যুৱ কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰিলোঁ তেতিয়া দলীয় বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেখেতৰ ভাষণ শুনিবলৈ সুযোগ পাইছিলোঁ। তেখেতৰ স্পষ্ট কথা বাৰ্তাই মোক সকলো সময়তে আকৰ্ষিত কৰিছিল।
তেখেতৰ সংস্পৰ্শলৈ আহিবলৈ চেষ্টা কৰিছিলোঁ। দলীয় কাম কৰা লোকসকলক তেখেতে সকলো সময়তে গুৰুত্ব দিছিল। তেখেতে উঠি অহা প্ৰতিভাক চিনিব পাৰিছিল। আজি তেখেতৰ বাবেই বহুতো নেতাই নিজৰ ৰাজনৈতিক কেৰিয়াৰ গঢ়ি তুলিব পাৰিছিল। এনএছইউআই, যুৱ কংগ্ৰেছ কৰি তেখেতৰ ওচৰ চাপিবলৈ সক্ষম হৈছিলোঁ।
তেখেতৰ সুদৃষ্টিৰ বাবেই মই যোৱা বিধানসভাত কংগ্ৰেছ দলৰ দলীয় টিকট লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। তেখেতে টিকট দিয়েই দায়িত্ব সামৰা নাছিল; মোক জয়ী কৰাবলৈ সৰুক্ষেত্ৰী সমষ্টিত নিখিল ভাৰতীয় কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনীয়া গান্ধী ডাঙৰীয়ানীক আনি সভা অনুষ্ঠিত কৰিছিল। মোৰ সৌভাগ্য যে তেখেতৰ দৰে এজন ব্যক্তিৰ লগত একেলগে অসম বিধানসভাৰ এজন সদস্য হৈছিলোঁ।
তেখেতৰ পৰা বিধায়ক হৈ বহুতো কথা শিকিছিলোঁ। যেতিয়াই কিবা সুধিছিলোঁ লগে লগেই বুজাই দিছিল। কিবা সুধিলে বিৰক্তি নোহোৱাকৈ বুজাই দিছিল। একেৰাহে তিনিবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো বিৰোধী দলৰ বিধায়ক হৈয়ো নিজকে হীনমান্যতাত ভোগা নাছিল। ইয়াৰ বিপৰীতে ৰাইজৰ বাবে অসমবাসীৰ উন্নয়ন, শান্তিৰ বাবে চৰকাৰৰ ভুল নীতিৰ সমালোচনা কৰিবলৈ কুন্ঠাবোধ কৰা নাছিল।
তেখেত আছিল সততাৰ প্ৰতীক, তেখেত আছিল নিৰ্ভীক। দুৰ্নীতিৰ কোনো বিন্দু মাত্ৰাই তেখেতক স্পৰ্শ কৰিব পৰা নাছিল। তেখেত সকলো সময়তে ৰাইজৰ কল্যাণৰ বাবে চিন্তা কৰিছিল। মানৱ সেৱাই পৰম ধৰ্ম আছিল তেখেতৰ চিন্তা ধাৰা। তেখেত আছিল ধৰ্মনিৰপেক্ষতাৰ বাৰ্তাবাহক। মন্দিৰ, মছজিদ, নামঘৰ, গীৰ্জাৰ বাবে তেখেতৰ অন্তৰত সমান সন্মান আছিল। তেখেত আছিল আমাৰ সকলোৰে বাবে পিতামহ।
বয়স হ’লেও তেখেতৰ ৰাজনৈতিক সক্ৰিয়তা অকণো হ্ৰাস পোৱা নাছিল। যেনেদৰে তৰুণ নাম তেনেদৰেই তেখেতৰ ৰাজনৈতিক চিন্তা ধাৰা, তথা ৰাজনৈতিক পথাৰত তৰুণ হৈয়েই আছিল তেখেতৰ যিকোনো কথাতেই স্পষ্টবাদিতা গুণেই মোৰ দৰে বহুতৰ বাবে আছিল প্ৰেৰণাদায়ক।
সঁচা ক’বলৈ তেখেতে কেতিয়াও সংকোচ কৰা নাছিল। তেখেত কেতিয়াও প্ৰলোভন আৰু মিছা কথাৰ আশ্ৰয় লোৱা নাছিল। তেখেতৰ ৰাজনৈতিক ক্ষেত্ৰত অধ্যক্ষ আছিল। আমি আছিলোঁ ছাত্ৰ। আজি তেখেতে আমাক দেখুৱাই থৈ যোৱা পথ, আদৰ্শ, জীৱন-দৰ্শনক আমাৰ আদৰ্শ হিচাপে লৈ আগবাঢ়িম যাতে তেখেতে দেখুৱাই যোৱা বাটেৰে আগবাঢ়ি যাব পাৰোঁ।
(জাকিৰ হুছেইন শিকদাৰ হৈছে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক। ছাত্ৰাৱস্থাৰে পৰা তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল। হাস্পতালত ভৰ্তি হৈ থকাৰ সময়তো প্ৰতিটো মুহূৰ্ততে তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খবৰ ৰাখিছিল। মহানাগৰিকগৰাকীৰ মহাপ্ৰয়ানত জাকিৰ হুছেইন শিকদাৰৰ তৰুণ গগৈৰ সৈতে কটোৱা অভিজ্ঞতাৰে একলম। উক্ত প্ৰবন্ধত উল্লেখ কৰা মতামত লেখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে।)